তিনিচুকীয়াত পুনৰ কৰ’নাত আক্ৰান্ত চাৰি ৰোগীৰ মৃত্যু

গন বাৰ্তা বিশেষ, তিনিচুকীয়া , ৩০ এপ্ৰিল:- তিনিচুকীয়া জিলাত উদ্দেগজনকভাৱে কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ সমান্তৰালকৈ কৰ’না ৰোগীৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ কোৰোনাৰ দ্বিতীয়টো প্ৰৱাহত ইতিমধ্যে জিলাখনৰ কেইবাগৰাকীও লোক মৃত্যুমুখত পৰিছে৷ শেষতীয়াকৈ জিলাখনত পুনৰ চাৰিগৰাকীকৈ কৰ’না ৰোগী চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি বুধবাৰে সন্ধিয়া তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত জাগুনৰ শ্ৰীকান্ত সিং ( ৫৫) নামৰ ব্যক্তিগৰাকীৰ মৃত্যু ঘটে৷ ইয়াৰ পিছতে নিশাৰ ভাগত চিকিৎসালয়খনত আন এগৰাকী ৰোগীৰ মৃত্যু ঘটাৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৱস্থাত তিনিচুকীয়াৰ আৰু দুগৰাকী ৰোগীৰ মৃত্যু ঘটে৷ বুধবাৰৰ নিশালৈ মৃত্যু হোৱা এই লোককেইজন হ’ল তিনিচুকীয়াৰ দীনানাথ পাৰ্চে (৪০), গোপাল প্ৰসাদ (৭৩) আৰু মাকুমৰ সন্তোষ সিং (৮৬) । আজি কেউজনৰ মৃতদেহ তিনিচুকীয়া জিলা প্ৰশাসনৰ তত্ত্বাৱধানত তিনিচুকীয়াৰ ৰাজহুৱা শ্মশানত কভিড’-১৯ প্ৰট’কলৰ মাজত সৎকাৰ কৰা হয়৷ উল্লেখ্য যে, জিলাত পুনৰ ৯২ গৰাকী কভি’ড পজেটিভ ৰোগী চিনাক্ত হৈছে৷ ইয়াকে লৈ জিলাখনত মুঠ কভিড পজেটিভ ৰোগীৰ সংখ্যা হল ৪৪৯ গৰাকী৷ জিলাখনৰ স্বাস্থ্য বিভাগে প্ৰদান কৰা শেষতীয়া তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা ৯ বজা পৰ্যন্ত ৪৪৯ গৰাকী ৰোগী কৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰে ৩৯২ গৰাকী ৰোগী সম্প্ৰতি হোম আইচ’লেচনত আছে৷ স্বাস্থ্য বিভাগৰ তথ্যনুসৰি কৰোণা মহামাৰী আৰম্ভ হোৱাৰে পৰা এতিয়ালৈ জিলাখনত মুঠ ৮৮৭৭ গৰাকী লোক কৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰে ৮২৮৬ গৰাকী লোকে ইতিমধ্যে আৰোগ্য লাভ কৰিছে৷ বৃহস্পতিবাৰে স্বাস্থ্য বিভাগে কৰা ৰেপিড এণ্টিজেন টেষ্টত ৩৭ গৰাকী আৰু আৰ টি পি চি আৰ টেষ্টত ১৫ গৰাকীসহ মুঠ ৫২ গৰাকী কভি’ড পজেটিভ ধৰা পৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *