Sunday , September 20 2020
শেহতীয়া খবৰ

তিনিচুকীয়াত সাংবাদিকৰ ওপৰত নিৰ্যাতন হত্যাকাণ্ড তদন্তৰ দাবী

গণ বাৰ্তা, ডিব্ৰুগড়, ৮ আগষ্টঃ  সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিয়ে এক প্ৰেছ বিবৃত্তিত নিউজ টাইম অসমৰ তিনিচুকীয়াৰ সংবাদদাতা আৰু দিন প্ৰতিদিন নামৰ ৱেব পৰ্টেলৰ স্বত্বাধিকাৰী বীজেন দ্বীপক কাৰ্যালয়ৰ ভিতৰতে সংঘটিত হোৱা হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ উপৰিও উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চৰ সভাপতি দিবাকৰ দত্ত, কাৰ্যকৰী সভাপতি তপন কুমাৰ শইকীয়া আৰু সাধাৰণ সম্পাদক প্ৰণৱ ডেকাবৰুৱাই প্ৰকাশ কৰা প্ৰেছ বিবৃত্তিটোত তিনিচুকীয়াস্থিত নিউজ টাইম অসমৰ সাংবাদিক গৰাকীক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে নিহত সাংবাদিক গৰাকীৰ হত্যাকাণ্ডৰ উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে হত্যাকাৰী অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছে।ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই নিহত সাংবাদিক গৰাকীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত তিনিচুকীয়া জিলা প্ৰশাসন তথা আৰক্ষী অধীক্ষককো তদন্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে। ডিব্ৰুগড় জিলা সাংবাদিক সুৰক্ষা মঞ্চই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ জাগ্ৰত প্ৰহৰী স্বৰূপ সাংবাদিকক গোপনে কাৰ্যালয়তে হত্যাকৰা কাৰ্যকো তীব্ৰ ভাষাৰে গৰিহনা দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *