Home Editor's Pick তিনিচুকীয়াৰ বিশিষ্ট সাহিত্যিক ,জাতীয়তাবাদী মহিলা পাৰুল শৰ্মাৰ মৃত্যু, শোক

তিনিচুকীয়াৰ বিশিষ্ট সাহিত্যিক ,জাতীয়তাবাদী মহিলা পাৰুল শৰ্মাৰ মৃত্যু, শোক

28
0

মাইনু মৰাণ, ডুমডুমা, ২৯ এপ্ৰিল : তিনিচুকীয়া জিলাৰ এগৰাকী জাতীয়তাবাদী শিবিৰৰ অগ্ৰণী মহিলা,বিশিষ্ট সাহিত্যিক পাৰুল শৰ্মাৰ যোৱা নিশা মৃত্যু হয়।৯২ বছৰ বয়সত বাৰ্ধক্যজনিত অসুখত মৃত্যু হোৱা সাহিত্যিক গৰাকীয়ে মৃত্যুৰ সময়ত দুজন পুত্ৰ-বোৱাৰী,এগৰাকী কন্যা,নাতি-নাতিনীসহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ গৈছে । উল্লেখযোগ্য যে , ১৯২৮ চনৰ ১০ ডিচেম্বৰত নাজিৰাত জন্ম গ্ৰহণ কৰা বিশিষ্ট লেখিকা গৰাকী ঐতিহাসিক অসম আন্দোলনৰ লগত জড়িত হৈ পৰিছিল । তিনিচুকীয়াত অসম আন্দোলনৰ নেতৃত্বত থাকোতে আৰক্ষীৰ নিৰ্যাতনত চিৰ জীৱনৰ বাবে ঘুনীয়া হৈছিল । অসম আন্দোলনত জড়িত থকাৰ বাবে কেইবামাহো কাৰাগাৰত থাকিব লগীয়া হৈছিল । অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অতি ঘনিষ্ঠ হিচাবে পৰিচিত লেখিকা গৰাকী অসম গণ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপ সভাপতি,অসম মহিলা পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ প্ৰায় ১৩ বছৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল । তিনিচুকীয়া পৌৰ সভাৰ ৬ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ হিচাবেও নিৰ্বাচিত হৈছিল । তিনিচুকীয়া শাখা সাহিত্য সভাৰ সভাপতি দায়িত্ব পালন কৰাৰ উপৰি লেখিকা সমাৰোহ সমিতিকে ধৰি বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত হৈ আছিল । লেখিকা গৰাকীয়ে ১৪ খন গ্ৰন্থ লিখি অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । তেখেতে লিখা গ্ৰন্থ সমূহ হৈছে -স্মৃতিলিপি,নাম মন্দাকিনী,দাপোন,শংখলগ্ন,গধূলি লগন.বনশিখা,ত্ৰিভূজ,প্ৰহেলিকা,ফল্গু নদীৰ দৰে,ৰাম নামৰ নিজৰা,কাদম্বিনীক্ষণ,ৰান্ধনি ৰ’দৰ জিলিঙনি,শিশু কথা কীৰ্তন,জীৱন বৃক্ষৰ সৰাপাত আদি । লেখিকা গৰাকীক বিভিন্ন সংগঠনে বহু কেইটা পুৰস্কাৰ বা বঁটা প্ৰদান কৰে ।ইয়াৰ ভিতৰত মাধবীলতা সাহিত্য বঁটা,সদস্যা ৰত্না,কমল কছাৰী সোঁৱৰণী বঁটা-তপোধাৰা,সমাজৰ প্ৰিয় আদিয়েই প্ৰধান । লেখিকা গৰাকী বৰগীত লোক গীতৰ এগৰাকী শিল্পীও আছিল ।আকাশবানী ডিব্ৰুগড় স্বীকৃতিপ্ৰাপ্ত শিল্পীও আছিল । লেখিকা গৰাকীৰ বিয়োগত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰবীন দত্ত, তিনিচুকীয়া জিলা অগপ ৰ সভাপতি জ্যোতি মণি মৰাণ, তিনিচুকীয়া জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা তৃপ্তি দাস,পৰমানন্দ জাতীয় বিদ্যালয় পৰিয়াল বৰ্গ,অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদৰ যুটীয়া সম্পাদক সুৰজিত মৰাণ, তিনিচুকীয়া জিলা সমিতি,তিনচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা,জিলা ছাত্ৰ সন্থা,শাখা সাহিত্য সভা, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সম্পাদক মুনিন দুৱৰা, ৱিমেনজ কলেজ, তিনিচুকীয়াৰ অধ্যক্ষ ডঃ ৰাজীৱ বৰদলৈ, বিশিষ্ট সাহিত্যিক পূণ্য শইকীয়া, মৰাণ সাহিত্য সভাৰ সভাপতি হৰকান্ত মহন্ত, মুখ্য সম্পাদক বিধান মৰাণ, আদি বিভিন্ন সংগঠন, ব্যক্তি বিশেষে গভীৰ শোক প্ৰকাশ কৰি মৃতকৰ আত্মাৰ সদগতি কামনা কৰিছে । তাৎপৰ্যপূৰ্ণ যে বৰ্ষীয়ান লেখিকা গৰাকীক কোনো এখন চৰকাৰেই সাহিত্যিক পেন্সন বা শিল্পী পেন্সন এটাও নিদিলে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here