Sunday , September 20 2020
শেহতীয়া খবৰ

তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ; বাঘজানৰ অগ্নিকাণ্ডত ক্ষতিগ্ৰস্তৰ, অস্থায়ী শিবিৰ প্ৰশাসনে উৎখাট কৰাক লৈ সৃষ্টি হয় হুলস্থুলীয়া পৰিস্থিতিৰ

গণ বার্তা, ডুমডুমা, ২৬ আগষ্ট :  বাঘজানৰ তেল খাদৰ জুই শীঘ্ৰে নিবাৰ্পণৰ ব্যৱস্থা কৰাৰ লগতে ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাই কৰা প্ৰতিবাদ অব্যাহত আছে। পূৰ্বে অইলে দিয়া প্ৰতিশ্ৰুতি পালন কৰাৰ দাবীত, ক্ষতিপূৰণ শীঘ্ৰে পদান কৰাৰ দাবীত আৰু জুই নিবাৰ্পণ নকৰা পর্যন্ত তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখৰ পৰা ৰাইজ নাযায় বুলি স্পষ্ট কৰি দিছে । বাঘজান গাঁও মিলনজ্যোতি যুৱ সংঘ আৰু ক্ষতিগ্ৰস্ত ৰাইজৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে । আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া বৰ্গৰে ৰাইজ তথা মিলনজ্যোতি যুৱ সংঘৰ বিষয়ববীয়াই আলোচনা কৰিছে যদিও কোনো ফল নধৰাত ক্ষতিগ্ৰস্ত ৰাইজে আশ্বস্ত নোহোৱা পৰ্য্যন্ত অস্থায়ী শিবিৰ পাতি প্ৰতিবাদ স্থলীতে থাকিব বুলিও স্পষ্ট কৰি দিছিল । কিন্তু আজি অস্থায়ী ভাবে নিৰ্মান কৰা এটা শিবিৰ প্ৰশাসনে উৎখাট কৰাত পৰিস্থিতি সৃষ্টি হয় ।

Leave a Reply

Your email address will not be published. Required fields are marked *