Monday , September 21 2020
শেহতীয়া খবৰ

তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

মাজুলী জিলাৰ পঞ্চম প্ৰতিষ্ঠা দিৱসত অংশ লৈ সোনোৱালে কয় -নিকা আৰু সেউজীয় মাজুলী হোৱাটো বিচাৰো।মাজুলী জিলাক বিশ্ব দৰবাৰত জিলিকিই তুলিব লাগিব। আঁচনি উন্মোচন

দৰিয়া পাৰৰ পৰা পৰাণজ্যোতি বৰা,মাজুলী, ০৮ চেপ্তেম্বৰ : নিকা আৰু সেউজীয় মাজুলী হোৱাটো বিচাৰো।মাজুলী জিলাক বিশ্ব দৰবাৰত জিলিকিই তুলিব লাগিব।মাজুলী সম্পদ বোৰ উদ্ঘাটন কৰি সঠিক প্ৰয়োগ কৰাৰ ক্ষেত্ৰত মাজুলী ৰাইজে আজি এই প্ৰতিষ্ঠা দিৱস সংকল্প লোৱাটো মই ভাবো আজি মাজুলী জিলাৰ পঞ্চম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব মাজুলীৰ বিধায়ক তথা অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এনেদৰে কয় মাজুলী মহাবিদ্যালয়ৰ খেল পথাৰ দৰিয়াপাৰত আয়োজন কৰা প্ৰতিষ্ঠা দিৱস সভাত তেখেতৰ ভাষণত আৰু কয় যে দক্ষতা বিকাশ ক্ষেত্ৰত আমাৰ ডেকা ডেকেৰী সকল আগবাঢ়ি আহিব লাগে। মাজুলী মানে বানপানী গড়াখহনীয়া বুলি ভাবে তাৰ বাহিৰে মাজুলীত একোৱেই নাই বুলি এটা ধাৰণা মানুহৰ মাজত সৃষ্টি হৈছে।কেৱল মাজুলীতেই নহয় শদিয়াৰ পৰা ধুবুৰীলৈকে বাকী ৰাজ্য বোৰতো বানপানী হয় ।অসমৰ জিলা সমূহৰ ভিতৰত অন্যতম জিলা হিচাপে মাজুলী জনাজাত, মাজুলী মানুহৰ যি খিনি দৃঢ়তা আছে মনোবল আছে এই খিনি আগন্তুক দিনত সঠিক ভাবে প্ৰয়োগ কৰিব লাগিব যাতে আমি আত্ম নিৰ্ভৰশীল হব পাৰো।আত্ম নিৰ্ভৰশীল ভাৰত ,আত্ম নিৰ্ভৰশীল অসম, আত্ম নিৰ্ভৰশীল মাজুলী বুলি উল্লেখ কৰে। আত্ম নিৰ্ভৰশীল হবৰ বাবে সংকল্পৰ প্ৰয়োজন কাৰণ আজি যুগতো প্ৰতিযোগিতাৰ যুগ শ্ৰেষ্ঠত্ব অৰ্জন কৰি নিজকে প্ৰতিষ্ঠা কৰিব লাগিব বুলি উল্লেখ কৰে।মাজুলীত ১৪৫ খন বিভিন্ন বিভাগৰ আঁচনি সম্পূৰ্ণ হোৱাৰ লগতে আজি ১৮৩ খন বিভিন্ন বিভাগৰ আঁচনিৰ শুভাৰম্ভ কৰাৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। মাজুলীলৈ বিভিন্ন আঁচনিৰ নামত হাজাৰ হাজাৰ কোটি টকা অহাটো সম্ভৱ হৈছে কেৱল মাজুলী বাসীৰ সদিচ্ছা আৰু মন্ত্ৰী সভাৰ মাজুলী প্ৰতি থকা আন্তৰিকতাৰ বাবে।এই কামবোৰ সঠিক প্ৰয়োগ হব লাগিব । সঠিক প্ৰয়োগৰ বাবে ৰাইজে চোৱাচিতা কৰিব লাগিব বুলি উল্লেখ কৰে।
লগতে কয় চৰকাৰ খনৰ বহুত দুৰ্যোগ পাৰহৈ গৈছে তথাপিটো অসমৰ ৰাইজে আমাক সহযোগ দিছে। সকলো পৰিস্থিতি ৰাইজে সংযত হৈ কাম কৰিছে। এইটো আমাৰ বাবে ভাল লক্ষণ বুলি উল্লেখ কৰে।অৰুনোদই আঁচনি সম্পৰ্কত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় অৰুনোদয় আঁচনিৰ জৰিয়তে দৰিদ্ৰ মহিলা আই সকলক সুৰক্ষা দিয়া স্বাভিমান বৃদ্ধি কৰা আৰু মহিলা আই সকলক স্বাৱলম্বী কৰাৰ উদেশ্য বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে।আই মাতৃ সকল স্বাৱলম্বী আৰু সুৰক্ষিত হলেহে এখন দেশ আগুৱাই যাব বুলি উল্লেখ কৰে।
বিৰোধী শক্তি বোৰে আমাৰ সমাজখন বিভ্ৰান্ত কৰিব বিচাৰিছে এই মন্তব্য বোৰত ৰাইজক মন্তব্যত প্ৰভাৱিত নাহবলৈ আহ্বান জনায়।আজি ভূপেন হাজৰিকাৰ জন্ম দিনত শ্ৰাদ্ধ জনাই কয় আজি আমাৰ বাবে পবিত্র দিন ভূপেন দা আমাৰ সকলোৱে আদৰৰ ভূপেন দা আমাৰ সকলোৱে মনৰ মাজত আছে অসমৰ ৰাইজে ভাল পোৱা উপৰিও তেখেতক ভক্তি কৰে।ভূপেন দা অমৰ সৃষ্টিয়ে বৃহত্তৰ অসমীয়া সমাজত প্ৰাণৱন্ত কৰি ৰাখে বুলি উল্লেখ কৰে।
তিনিদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি দিনৰ ১ বজাত মাজুলীত উপস্থিত হৈ পোনে পোনে মাজুলী মহাবিদ্যালয়ৰ খেল পথাৰ দৰিয়া পাৰত উপস্থিত হোৱা সোণোৱালক মিছিং লোক নৃত্যৰে আদৰি আনে।ইয়াৰ পাছতে মুখ্যমন্ত্ৰী সোণোৱাৰ লগতে তেখেতক সংগ দিয়া চাহ জনগোষ্ঠী (স্বতন্ত্ৰ) আৰু শ্ৰমিক কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সঞ্জয় কৃষাণ, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা,টিংখাঙৰ বিধায়ক বিমল বৰা, ধেমাজি সমষ্টিৰ বিধায়ক ডo ৰানোজ পেগুয়ে বেলুন উৰুৱাই মাজুলী জিলা পঞ্চম প্ৰতিষ্ঠাৰ কাৰ্যসূচী শুভাৰম্ভ কৰে।ইয়াৰ পাছতে মাজুলীৰ বিভিন্ন বিভাগৰ মুঠ ১৮৩ খন আঁচনি মুখ্যমন্ত্ৰী সোনোৱালে প্ৰতীকী ফলকৰ আধাৰশিলা আৰু উন্মোচন কৰে । ভূপেন হাজৰিকাৰ জন্ম দিনৰ লগত সংগতি ৰাখি অনুষ্ঠানতেই সোনোৱালে ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰাদ্ধ জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
ইয়াৰ লগতে মাজুলী জিলাৰ পঞ্চম প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি পাঁচগছ বন্তি প্ৰজ্বলন কৰে সোনোৱালে।ইয়াৰ পাছতেই প্ৰতিষ্ঠা দিৱস মূল সভা অনুষ্ঠিত হয় প্ৰতাব বৰুৱাই আঁত ধৰা সভাখনত এটি সমবেত সংগীতেৰে শুভাৰম্ভ হয়। মাজুলী জিলা উপায়ুক্ত বিক্ৰম কৈৰীৰ আদৰণি
ভাষণেৰে আৰম্ভ হোৱা সভা খনত কৈৰীয়ে মাজুলীৰ সম্পৰ্কে সংক্ষেপে দাঙি ধৰে।সভাত উপস্থিত থাকি ধেমাজি সমষ্টিৰ বিধায়ক ডo ৰানোজ পেগুৱে ভাষণ প্ৰদান কৰি কয় মুখ্যমন্ত্ৰী গৰাকীৰ তৎপৰতাত মাজুলী সুৰক্ষিত হৈছে।এই চাৰিটা বৰ্ষত মাজুলী পূৰ্ণাঙ্গ জিলা হৈছে বুলি উল্লেখ কৰে।মাজুলীক জিলিকাই তুলিবলৈ হলে যুৱ প্ৰজন্মৰ উদ্যমিতা হব লাগিব বুলি উল্লেখ কৰে।লগতে মাজুলীত বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাবলৈ হলে মাজুলী মানুহে নিজে আগ্ৰহী কৰি তুলিব পাৰিব লাগিব বুলি উল্লেখ কৰে।বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি হবলৈ হলে পৰিষ্কাৰ পৰিচন্ন দিশ বিলাকৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়।মাজুলীত বিনন্দীয়া মাজুলী হিচাপে গ্ৰাহী তুলিবলৈ বিক্ষ ৰোপণ কৰিবলৈ আহ্বান জনায়।
ইয়াৰ পাছতে টিংখাঙৰ বিধায়ক বিমল বৰাই ভাষণ প্ৰদান কৰি মাজুলী উন্নয়ন বলিষ্ঠ প্ৰদক্ষেপ গ্ৰহণ কৰা মাজুলী বিধায়ক তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিশেষ ভাবে ধন্যবাদ জনায়।মাজুলীৰ দৰে এটা সমষ্টিৰ প্ৰভাৰী দায়িত্ব বহন কৰিবলৈ পোৱাটো বহুত ভাগ্যৰ কথা বুলি উল্লেখ কৰে। সভাতেই ২০১৬ চনৰ পৰা মাজুলীৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি এখন পুস্তক মুখ্যমন্ত্ৰী সোনোৱালে সভাতেই উন্মোচন কৰে।সভাত চাহ জনগোষ্ঠী (স্বতন্ত্ৰ) আৰু শ্ৰমিক কল্যাণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী সঞ্জয় কৃষাণে ভাষণ ৰাখি মাজুলীবাসীক ধন্যবাদ জনায় কয় মাজুলী বাসীৰ আশীৰ্বাদৰ বাবেই এজন সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী অসমবাসীয়ে পাবলৈ সক্ষম হল বুলি উল্লেখ কৰে।মাজুলীৰ মহিলা সকলৰ বিশেষ গুণ আছে, মাজুলী মহিলা কোনো গুণে কম নহয় মাজুলী মহিলাই আমেৰিকা পৰ্যন্ত কাপোৰ বিক্ৰী কৰিবলৈ সক্ষম হৈছে।মুগা বস্ত্ৰ উৎপাদন কৰি মহিলাই এখন বজাৰ দখল কৰিব পৰাকৈ এটা আঁচনি আজি উন্মোচন কৰা কথা উল্লেখ কৰে। সভাতেই ৰেচন বিভাগ আৰু মহকুমা জনকল্যান বিভাৰ হিতাধিকাৰ

Leave a Reply

Your email address will not be published. Required fields are marked *