Home Main Stories তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে মমতা বেনাৰ্জীয়ে

তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰূপে শপত ল’লে মমতা বেনাৰ্জীয়ে

37
0

কলকাতা, ৫ মে’ :  সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনৰ ফলাফলত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা তৃণমূল কংগ্ৰেছৰ প্ৰমুখ মমতা বেনাৰ্জীয়ে আজি তৃতীয়বাৰলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ৰূপে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে। ৰাজ্যপাল জগদীপ ধনখড়ে তেওঁক শপত বাক্য পাঠ কৰোৱায়। বৰ্তমান সময়ত মমতা বেনাৰ্জীয়ে হৈছে দেশৰ একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী।

পশ্চিমবংগৰ ৰাজভৱনত অনুষ্টুপীয়াকৈ আয়োজন কৰা শপত গ্ৰহণ অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ লগতে আন বহুকেইগৰাকী প্ৰশাসনিক বিষয়া উপস্থিত থাকে। তেওঁ শপত গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে টুইটাৰৰ জৰিয়তে মমতা বেনাৰ্জীক অভিনন্দন জনায়। উল্লেখ্য যে এইবাৰৰ বিধানসভা নিৰ্বাচনত তৃণমূলক কংগ্ৰেছে ২৯২খন আসনৰ ভিতৰত ২১৩খন আসন লাভ কৰাৰ বিপৰীতে বিজেপিয়ে ৭৭খন, নিৰ্দলীয়, বাঁওদলে এখনকৈ আসন লাভ কৰে। কিন্তু মমতা বেনাৰ্জীয়ে নন্দীগ্ৰাম বিধানসভা সমষ্টিত তেওঁৰে একালৰ সতীৰ্থ সুভেন্দু অধিকাৰীৰ হাতত প্ৰায় ২,০০০ ভোটৰ ব্যৱধানত পৰাস্ত হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here