Friday , September 25 2020
শেহতীয়া খবৰ

তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

দৈনিক গণঅধিকাৰ, বৰহোলাঃ কেন্দ্ৰীয় চৰকাৰৰ পে’ট্ৰলিয়াম মন্ত্ৰালয়ে অসমৰ ১১ খন তৈল ক্ষেত্ৰৰ ৭ খন তৈল ক্ষেত্ৰ লকডাউনৰ সুবিধা লৈ ব্যক্তিগত কৰণৰ যি ব্যৱস্থা গ্ৰহণ কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে আজি বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাই বৰহোলা শিলডুবিস্থ জিজিএচৰ সন্মুখত সামাজিক ব্যৱধান ৰক্ষা কৰি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

“কেন্দ্ৰীয় চৰকাৰ হায় হায়”, তৈল ক্ষেত্ৰ ব্যক্তিগতকৰণ বন্ধ কৰক”,” কেন্দ্ৰীয় চৰকাৰে অসম বিদ্বেষী মনোভাৱ পৰিত্যাগ কৰক”, আদি শ্ল-গান সম্বলিত পষ্টাৰ হাতে হাতে লৈ প্ৰতিবাদকাৰী সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদ স্থলীত আছুৰ যোৰহাট জিলাৰ সম্পাদক জিতু নেওগ, তিতাবৰ মহকুমা ছাত্ৰ সন্থাৰ সভাপতি মাধুৰ্য্য পাঠক, সম্পাদক দিগন্ত বৰা, বৰহোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা মানৱ সোণোৱাল, সভাপতি ভাস্কৰ নেওগ, সম্পাদক প্ৰদীপ বৰুৱাৰ উপস্থিতিত অনুষ্ঠিত প্ৰতিবাদস্থলীত শতাধিক ছাত্ৰই অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে বেচীন মেনেজাৰলৈ জিজিএচৰ কতৃপক্ষৰ যোগেদি এক স্মাৰক পত্ৰ প্ৰদান কৰি কোনো কাৰণতে এনে শথকাৰী সিদ্ধান্ত মানি লোৱা নহব বুলি স্পষ্টভাৱে প্ৰকাশ কৰি প্ৰয়োজনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ কথা অৱগত কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *