Wednesday , September 23 2020
শেহতীয়া খবৰ

দক্ষিন যোৰহাট প্ৰেছ ক্লাৱৰ আহ্বানত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ দ্বাৰা ষ্ট্ৰীট লাইট স্থাপন আৰম্ভ

সৌৰ লাইটেৰে আলোকিত হব চিনামৰা –কৰঙা অঞ্চল

গণ বার্তা, চিনামৰা,  ৮ চেপ্তেম্বৰঃ  দক্ষিন যোৰহাট প্ৰেছ ক্লাৱৰ আহ্বানৰ প্ৰতি সহাৰি জনাই চিনামৰাস্থিত তেল আৰু প্ৰাকৃতিক গেছ আয়োগৰ অসম আৰু অসম আৰাকান বেচিন কাৰ্যালয়ে আজি  চিনামৰা-কৰঙাত এশ সৌৰ চালিত ষ্ট্ৰীট লাইট স্থাপনৰশুভাৰম্ভ কৰে। এই উপলক্ষে চিনামৰা তিনি আলিত আজি পুৱা ১০ বজাত লাইটৰ খুটাত চিমেণ্ট ঢালি অ এন জি চিৰ চিনামৰাস্থিত আচাম এণ্ড আচাম আৰাকাণ বেচিনৰ মেনেজাৰ পুনিত চুৰিয়ে শুভাৰম্ভ কৰে৷ ইয়াৰ আগেয়ে চিনামৰা তিনি আলিত অনুস্থিত শুভাৰম্ভনী অনুষ্ঠানৰ আঁত ধৰি প্ৰেছ ক্লাৱৰ সম্পাদক নৱজ্যোতি তামুলীয়ে কয় যে দক্ষিন যোৰহাট অঞ্চলটোৰ বিশেষকৈ চিনামৰা এক উদ্যোগীক অঞ্চল হোৱাৰ লগতে অ এন জি চি, ভাৰতীয় খাদ্য নিগমকে ধৰি বহুকেইটা সৰু-ডাঙৰ উদ্যোগ গঢ় লৈ উঠাৰ ফলত অঞ্চটোলৈ নিতৌ দেশৰ বিভিন্ন স্থানৰ লগতে বিদেশী লোকৰো আগমণ ঘটিছে। ফলত অঞ্চলটোত অহৰ্নিশে হোৱা জনসমাগমলৈ লক্ষ্য ৰাখি লগতে জনসাধাৰণৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰশাসনে কেতিয়াবাই ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিব লাগিছিল যদিও প্ৰশাসনে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত দক্ষিন যোৰহাট প্ৰেছ ক্লাৱে অ এন জি চিৰ ওচৰত অঞ্চলটোৰ কাৰমেল স্কুলৰ সমীপৰ পৰা কৰঙা বালিকা বিদ্যালয় আৰু চিনামৰা তিনি আলিৰ পৰা বাঘধৰা পৰ্যন্ত স্থানত ষ্ট্ৰীট লাইট স্থাপনৰ বাবে জনোৱা দাবীৰ প্ৰতি সহাৰি জনাই বিভাগটোৱে এই কাম হাতত লোৱা বুলি অৱগত কৰি বিভাগটোত ধন্যবাদ জনায়। অনুষ্ঠানত ক্লাৱৰ সভাপতি বিৰাজ বৰগোঁহাইয়ে বিভাগটোৱে ৰাইজৰ বহুদিনীয়া এটা অভাৱ পুৰণ কৰিলে বুলি মন্তব্য কৰি বিভাগটো ধন্যবাদৰ পাত্ৰ বুলি কয়। ইয়াৰ পাছতে বেচিন মেনেজাৰ পুনিত চুৰীয়ে ভাষন দি কয় যে অ এন জি চিয়ে চি এচ আৰ ফাণ্ডৰ দ্বাৰা সদায়েই স্থানীয় ৰাইজৰ উপকাৰ হোৱাকৈ বিভিন্ন ধৰণৰ কাম কৰি আহিছে। তেওঁ নিজেও চিনামৰাতে কৰ্মৰত হোৱাৰ ফলত অঞ্চলটোত নিশা পোহৰৰ অভাৱ হোৱাতো প্ৰত্যক্ষ কৰিছিল আৰু সেয়ে দক্ষিণ যোৰহাট প্ৰেছ ক্লাৱৰ অনুৰোধ পত্ৰ লাভ কৰাৰ লগে লগেই সন্মতি জনোৱা বুলি কয়। তেওঁ সম্পূৰ্ণ কাম কৰিবলৈ ৩৪ লাখ টকাৰ আৱণ্টন দিয়া বুলি ঘোষনা কৰি আগন্তুক দিনতো সামাজিক উন্নয়ণমূলক কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। বিভাগটোৰ হৈ অনুষ্ঠানত উপস্থিত থকা ক্ৰমে চাপৰ্ট মেনেজাৰ পুলক বেনাৰ্জী, ব্লক মেনেজাৰ ক্ৰমে বিজয়লক্ষ্মী সিং,গৌতম দীক্ষিত, এইচ জি এচ এইচ এন গাৰ্গ, এইচ ই এচ এল কে পাটনায়ক, চি এচ আৰ আ চি ক্ৰমে এচ লিলী ফাংচু স্বাং, গুৰজিত কৰ আৰু দৃষ্টি দাসক সাংবাদিক ক্ৰমে দিব্যজ্যোতি শৰ্মা,ৰাতুল নাথে ক্লাৱটোৰ পৰা একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়। উপ সভাপতি বিকাশজ্যোতি মহন্তই শলাগৰ শৰাই আগবঢ়োৱা অনুষ্ঠানত ডাক্তৰ ডম্বৰুধৰ বৰা, বসন্ত দত্তকে প্ৰমূখ্য কৰি স্থানীয় চিনামৰা ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া আৰু বহুসংখ্যক ৰাইজ উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *