Sunday , September 20 2020
শেহতীয়া খবৰ

দহ দিনত গুৱাহাটীত ২,৭৪১ কোৰোনা আক্ৰান্তঃ আজিৰে পৰা গুৱাহাটীত লকডাউনত শিথিলতা

শুকুৰবাৰলৈকে পুৱা ৯.৩০ৰ পৰা ৪ বজালৈ খোলা থাকিব গেলামাল দোকান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ জুলাই ঃ দিল্লী-মুম্বাইৰ দৰে পৰিৱেশ হোৱাৰ দিশত গুৱাহাটী মহানগৰী। একপ্ৰকাৰ মহামাৰীৰ অংগ হৈ পৰিছে। গুৱাহাটীত অভাৱনীয় হাৰত বৃদ্ধি পাইছে কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা। যোৱা ২৪ জুনৰ পৰা বিগত দহটা দিনত অকল গুৱাহাটীতেই কোৰোনাত আক্ৰান্ত হৈছে ২,৭৪১জন লোক। কোৰোনা একোৱেই নহয় বুলি কিছুসংখ্যক লোকে চলোৱা অপপ্ৰচাৰৰ বাবে গুৱাহাটীত এতিয়া ভয়ংকৰ পৰিৱেশৰ দিশত গতি কৰিছে। আজি এনএইচএমৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে অপপ্ৰচাৰে ক’ভিড ৰোগীক বাধা দিব। যোৱা ২১ জুনৰ পৰা ১৩টা দিনত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। অহা ৯ জুলাইৰ পৰা গুৱাহাটীত কোৰোনা ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে পৰিৱেশৰ ওপৰত ভিত্তি কৰি লকডাউন পুনৰ বৃদ্ধি কৰা হ’ব নে নাই সেয়া সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। মূলতঃ আৰু এসপ্তাহ লকডাউন বৃদ্ধিৰ ইংগিত প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অৰ্থনীতিৰ লগতে জীৱনৰ কথাও চিন্তা কৰিব লাগিব। ইপিনে গুৱাহাটীৰ লকডাউন সন্দৰ্ভত কিছু শিথিলতা আনিছে। পূৰ্বৰ তুলনাত এইবেলি মহানগৰবাসীয়ে লকডাউনক বিশেষ সঁহাৰি জনাইছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কাইলৈৰ পৰা শুকুৰবাৰলৈকে সকলো গেলামাল দোকান খোলা থাকিব। ৯.৩০ বজাৰ পৰা ৪ বজালৈকে খোলা থাকিব গেলামাল দোকান। গেলামালসমূহত যাতে কোনোৱে ভিৰ নকৰে তাৰ বাবে সকলোকে আহবান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত বৰ্তমানলৈকে ৪৭,৬০৮ নমুনা পৰীক্ষা কৰা হৈছে। ইয়াৰে মাত্ৰ এটা তথ্য সন্নিৱিষ্ট কৰোঁতে ভুল হৈছে। কাছাৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৮,১২৫টা পৰীক্ষা কৰা হৈছে। অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰীক্ষা কৰা হৈছে ২৬,৭০৫টা। একেদৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৪১,১০৭ পৰীক্ষা কৰাৰ বিপৰীতে তথ্য সন্নিৱিষ্ট কৰাত এটা ভুল দেখা দিছে। বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৫১,৪৪৯টা পৰীক্ষা কৰাৰ লগতে আৰএমচি লাহোৱালত ৩৮,৬৪২টা পৰীক্ষা কৰা হৈছে। ইয়াৰ তথ্য সন্নিৱিষ্ট কৰাত তিনিটা ভুল দেখা দিছে। ডিফুত ৮ হাজাৰ পৰীক্ষা কৰাত তিনিটা ভুল তথ্য সন্নিৱিষ্ট কৰা হৈছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৭৭,৩৭২টা পৰীক্ষা কৰাৰ বিপৰীতে তথ্য সন্নিৱিষ্ট কৰাত ৪০টা ভুল দেখা দিছে। মন্ত্ৰীগৰাকীয়ে কয় যে বহুক্ষেত্ৰত নিগেটিভ ৰোগীক পজিটিভ কৰা হৈছে আৰু পজিটিভ ৰোগীক নিগেটিভ কৰা হৈছে বুলি অপপ্ৰচাৰ চলিছে। এটা-দুটা ভুল হ’লে সকলো পজিটিভ ৰোগী নিগেটিভ হোৱা নুবুজায়। অসমত বৰ্তমানলৈকে ৪,৫৫,২২৩টা নমুনা পৰীক্ষা কৰা হৈছে। নমুনা পৰীক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতেই চতুৰ্থ স্থানত আছে অসম। প্ৰতি দহ লাখৰ বিপৰীতে ১৩,৪৭১ নমুনা পৰীক্ষা কৰা হৈছে। এতিয়ালৈকে চাৰিজনকৈ ৰোগীৰ দেহত ৰামডিচিবিৰ দৰব প্ৰয়োগ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ২৫জন ৰোগী চিকিৎসাধীন হৈ থকাৰ লগতে এমএমচিৰ আইচিইউত পাঁচজন, শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত পাঁচজন, ডিব্ৰুগড়, যোৰহাট আৰু বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইড×ত এজনকৈ ৰোগী চিকিৎসাধীন হৈ আছে। ১৫জন ৰোগী অক্সিজেন ছাৰ্পটত আছে। যোৱাকালিৰ দিনটোত গুৱাহাটীত সৰ্বাধিক ৭৮২জন ৰোগী চিনাক্ত হৈছে। গুৱাহাটীত যে গণসংক্ৰমণ হৈছে সেয়া প্ৰমাণ হৈছে। গুৱাহাটীত কালি চিনাক্ত হোৱা ৰোগীসকলৰ নাই কোনো ট্ৰেভেল হিষ্ট্ৰী। বিগত দহটা দিনত গুৱাহাটীত সৰ্বাধিক ২,৭৪১ৰোগী চিনাক্ত হোৱাৰ লগতে নগাঁৱত ৩০৪, শোণিতপুৰত ২২৩ আৰু গোলাঘাটত ২১৩ ৰোগী চিনাক্ত হৈছে। দহটা দিনত সমগ্ৰ অসমত মুঠ ৪,৯৪৫ ৰোগী চিনাক্ত হৈছে। ইপিনে কালি নিশাৰ ভাগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিপিই কীট পিন্ধি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈ থকা কোৰোনো ৰোগীসকলৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে যাৱতীয় পৰিস্থিতিৰ বুজ লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *