Home Recommended দিচাংমুখ প্ৰেছ ক্লাবৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

দিচাংমুখ প্ৰেছ ক্লাবৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

29
0

আকবৰ আলী, শিৱসাগৰ, ৫ মে ‘ : ক’ভিড প্ৰট’কল মানি চলি কেৱল পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ অনুষ্ঠানেৰে আজি দিচাং- ব্ৰহ্মপুত্ৰ উৎসৱ স্থলীৰ সমীপত অৱস্থিত নিজা কাৰ্যালয়ত দিচাংমুখ প্ৰেছ ক্লাবৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। এই উপলক্ষে পুৱা পতাকা উত্তোলন কৰে দিচাংমুখ প্ৰেছ ক্লাবৰ সভাপতি কুমাৰ অভিজিত দুৱৰাই। ইয়াৰ পাছত স্মৃতি ৰোমন্থন আৰু ভৱিষ্যতৰ দিনবোৰৰ বাবে সুদিন কামনা কৰি ২০ গছি চাকি জ্বলাই প্ৰাৰ্থনা কৰে। তদুপৰি বিগত দিন বোৰত অকালতে মৃত্যু বৰণ কৰা ব্যক্তি সকলৰ আত্মাৰ সদ্গতি কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দিচাংমুখ প্ৰেছ ক্লাবৰ সম্পাদক মনোজ কুমাৰ গগৈয়ে পৰিচালনা কৰা অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী পোনাৰাম মিলি , বিশিষ্ট কবি – সাহিত্যিক অনিল পাংগিং , জ্যেষ্ঠ নাগৰিক চৈয়দুৰ ৰহমান , বিশিষ্ট সমাজকৰ্মী অনিল টায়ে, মিচিং স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাক্তন সাধাৰণ সদস্য মনেশ্বৰ মিলিক , পানবেচা গাওঁ পঞ্চায়তৰ সভাপতি ৰঞ্জিত কোঁৱৰ , সমাজকৰ্মী অজিত চাংমাইক সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে অনিল গুপ্তা , ইন্দ্ৰ গোহাঁই , আকবৰ আলী , ৰজনীকান্ত পাংগিং, অৰুণ ঠাকুৰ , পদ্মকান্ত দাস, দীনেশ পাংগিং , চফৰ আলী , আছাদুৰ ৰহমান , মুস্তাফা খান , মনোৰঞ্জন টায়ে , ৰাজকুমাৰ পাংগিং , দ্ৰোণ খঙীয়া , ৰূপজ্যোতি চাংমাই, দীপজ্যোতি গগৈ , কল্যাণ বুঢ়াগোহাঁই আদি বিশিষ্ট ব্যক্তি সকলে একোখনকৈ চাকি জ্বলাই স্মৃতি তৰ্পণ কৰে। ভাষণ প্ৰসঙ্গত বিশিষ্ট অতিথি সকলে সমাজ উত্তৰণৰ দিশত দিচাংমুখ প্ৰেছ ক্লাবৰ সদস্য সকলে নিষ্ঠা সহকাৰে কাম কৰি আহিছে বুলি উল্লেখ কৰে। লগতে দিচাংমুখ প্ৰেছ ক্লাবৰ স্থায়ী কাৰ্যালয় স্থাপন হোৱাৰ বাবেও অতিথি সকলে সন্তোষ প্ৰকাশ কৰাৰ লগতে অনাগত দিচাংমুখ প্ৰেছ ক্লাবৰ কাৰ্যালয়ৰ গৃহটোৰ আন্ত:গাঠনি সব

LEAVE A REPLY

Please enter your comment!
Please enter your name here