দিল্লীৰ দৰিদ্ৰ জনতাক দুমাহলৈ ৰেচন দিয়াৰ ঘোষণা কেজৰিৱালৰ

অ’টো-টেক্সী চালকক ৫০০০ টকাকৈ দিয়াৰ ঘোষণা

নতুন দিল্লী, ৪ মে’: কোৰোনাৰ দ্বিতীয়টো লহৰত অধিক হাৰত প্ৰভাৱিত ৰাজধানী দিল্লীৰ দৰিদ্ৰ জনতাক কিছু সকাহ দিয়াৰ বাবে প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আজি দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে আগন্তুক দুমাহলৈ ৰেচন কাৰ্ড হিতাধিকাৰীক বিনামূলীয়াকৈ ৰেচন বিতৰণৰ ঘোষণা কৰিছে। আনহাতে দিল্লীত চলি থকা লকডাউনৰ ফলত প্ৰভাৱিত অটো-ৰিক্সাচালক আৰু টেক্সিচালকসকলক ৫,০০০ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কয় যে দিল্লীৰ কমেও ৭২ লাখ ৰেচন কাৰ্ডধাৰী হিতাধিকাৰীক বিনামূলীয়াকৈ ৰেচন আগবঢ়োৱা হ’ব। ইয়াৰ অৰ্থ এইটো নহয় যে দিল্লীত দুমাহলৈ লকডাউন বলৱৎ থাকিব। ইয়াৰ উদ্দেশ্য হৈছে আৰ্থিক সংকটৰ সন্মুখীন হোৱা দৰিদ্ৰসকলক সহায় আগবঢ়োৱা। উল্লেখ্য যে বৰ্তমান দিল্লীত লকডাউন বলৱৎ হৈ আছে। কোৰোনাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবেই লকডাউন বলৱৎ হৈ আছে ৰাজধানীত।

Leave a Reply

Your email address will not be published. Required fields are marked *