Wednesday , September 23 2020
শেহতীয়া খবৰ

দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা অহা বৰপেটাৰ ৮ গৰাকীৰ কোভিড নিগেটিভ

দুৰ্গতৰ মাজত বিনামূলীয়া খাদ্য যোগানৰ বাবে জিলা প্ৰশাসনৰ উদ্যোগ

দৈনিক গণঅধিকাৰ, ভেল্লাঃ প্ৰায় ২৪ ঘন্টীয়া ৰূদ্ধশ্বাস প্ৰতীক্ষাৰ অন্তত অৱশেষত বৰপেটা জিলালৈ স্বস্তিৰ খবৰটো আহিল।  দিল্লীৰ নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি অহা  বৰপেটা জিলাৰ যি ৮ জন ব্যক্তিক  ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালত আছুতীয়াকৈ ৰখা হৈছিল তেওঁলোক আটাইৰে তেজ পৰীক্ষাৰ ফলাফল নিগেটিভ পোৱা গৈছে।

কালি চিকিৎসালয় খনৰ চিকিৎসক ডা: ববী গোস্বামীয়ে এই কথা নিশ্চিত কৰিছে। ইফালে চলিত লক ডাউনৰ ফলত ক্ষতিগ্ৰস্থ হোৱা সমাজৰ দৰিদ্ৰ তথা নিম্ন আয়ৰ লোক সকলৰ মাজত বিনা মূলীয়াকৈ চাউল, দাইল, মিঠাতেল আৰু নিমখ সাহাৰ্য হিচাপে যোগানৰ ব্যৱস্থা কৰা হৈছে। পৌৰ প্ৰশাসন সমূহৰ সহযোগত ঘৰে ঘৰে গৈ ক্ষতিগ্ৰস্ত হোৱা লোক সকলৰ মাজত এই সামগ্ৰীসমূহ যোগান ধৰা হব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জানিবলৈ দিছে।

তদুপৰি কালিৰে পৰা ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তেও অন্ত্যোদ্যয়া অন্ন যোজনা আৰু প্ৰায়োৰিটী ৰেচন কাৰ্ড প্ৰাপ্ত লোক সকলৰ মাজত বিনামূলীয়াকৈ চাউল বিতৰণৰ কাম আৰম্ভ কৰা হৈছে।

জিলাখনত অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান অব্যাহত ৰখাৰ বাবে জিলা প্ৰশাসনে এনে সামগ্ৰী কঢ়িওৱা যান-বাহনৰ বাবে অনুমতি প্ৰদান কৰি আছে। এনে অনুমতি শেহতীয়াকৈ অন লাইন যোগেও দিয়াৰ ব্যৱস্থা হাতত লোৱা হৈছে। http://eservice.assam.gov.in/directApply.do?serviceId=1533 এই ঠিকনাত অত্যাৱশ্যকীয় সামগ্ৰী আৰু ঔষধ আদি যোগানৰ বাবে গাড়ীৰ অনুমতি বিচাৰি যিকোনো ব্যক্তিয়ে ঘৰতে বহি আবেদন কৰিব পাৰিব বুলি জনসংযোগ বিষয়া গৰাকীয়ে জনাইছে।
ফোন নং, 9101133696

Leave a Reply

Your email address will not be published. Required fields are marked *