Monday , September 21 2020
শেহতীয়া খবৰ

দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কয়লা খনন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ তদন্ত ঘোষণা

গুৱাহাটী, ১৮ জুলাই ঃ দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ কয়লা খনন সন্দৰ্ভত উত্থাপিত অভিযোগৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আজি এই কয়লা খননৰ সমগ্ৰ বিষয় তদন্ত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকীক দায়িত্বভাৰ অৰ্পণ কৰা হৈছে। উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ত এই সন্দৰ্ভত কেইবাখনো ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল। এই আবেদনসমূহত দিহিং-পাটকাই বন্যপ্ৰাণী অভয়াৰণ্যৰ বৈধ অথবা অবৈধভাৱে হৈ থকা কয়লা খননৰ ওপৰত অভিযোগ দাখিল কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০০৩ চনৰ পৰা বৈধ অথবা অবৈধভাৱে হৈ থকা এই খননৰ পুংখানুপংখভাৱে তদন্ত কৰিবলৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশগৰাকীক দায়িত্বভাৰ অৰ্পণ কৰে। উল্লেখ্য যে বাঘজানৰ গেছকূপত হোৱা বিস্ফোৰণ আৰু অগ্নিকাণ্ডৰ তদন্ত কৰিবৰ বাবেও ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ব্ৰজেন্দ্ৰ প্ৰসাদ কটকীক দায়িত্ব অৰ্পণ কৰিছে। বৰ্তমান অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ব্ৰজেন্দ্ৰ প্ৰসাদ কটকী পুলিচ একাউণ্টেবিলিটী কমিছনৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *