Wednesday , September 23 2020
শেহতীয়া খবৰ

দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা মুক্ত খননৰ সিদ্ধান্তক বিৰোধিতা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ 

গণ বাৰ্তা, নামৰূপ, ৩১ মেঃ সমগ্ৰ দেশতে কৰুণা ভাইৰাছৰ বিৰুদ্ধে লকডাউন চলি থকা সময়তে আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত দিহিং-পাটকাই বৰ্ষাৰণ্যত কেন্দ্ৰীয় চৰকাৰৰ কয়লা মুক্ত খননৰ সিদ্ধান্তক বিৰোধিতা কৰি দিহিং-পাটকাই বৰ্ষাৰণ্যৰত হাতে-হাতে প্লেকাৰ্ড লৈ এক প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ন কৰে। উক্ত কায্যসূচীত ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি ভবেন সোনোৱাল, সহকাৰী সচিব ৰাতুল হাজৰিকা আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দুৰ্লভ খাউণ্ড আদি উপস্থিত থাকে।
তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে দিহিং-পাটকাই বৰ্ষাৰণ্যত কয়লাৰ মুক্ত খননৰ সিদ্ধান্তক তীব্ৰ ভাষাৰে বিধোৰীতা  কৰে। লগতে উজনি অসমৰ জৈৱ বৈচিত্ৰ্যৰ চহকী ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ আপাৰ দিহিঙৰ ৮০০ বৰ্গ কিঃমিটাৰ এলেকা জুৰী এক বিশাল বৰ্ষাৰণ্য এনে এখন চিৰসেউজ বণ্য প্ৰাণী সংৰক্ষিত জৈৱ-বিচিত্ৰতাৰ বনাঞ্চলত কয়লাখনন কৰিলে ৪৭ বিধ স্তন্যপ্ৰাণী ২৯৫ বিধ চৰাই ১০১ বিধ অৰ্কিড ৩০০বিধ পখিলাৰ আদি কৰি বিভিন্ন প্ৰজাতিৰ গছ-গছনিৰে ভৰা অভয়াৰণ্য খনন প্ৰতি প্ৰচণ্ড ভাবুকি নামি আহিব তেনেস্থলত কেন্দ্ৰীয় চৰকাৰৰ প্ৰকৃতি ধ্বংস কাৰ্যক পৰা বিৰত থাকিবলৈ সকিয়নি প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *