Wednesday , September 23 2020
শেহতীয়া খবৰ

দিহিং পাটকাই সমন্বয়স্থলীত উষ্ম আদৰণি বীৰ লাচিত বৰফুকনৰ একাদশ বংশৰ নাতিয়েক পুৰুষোত্তম ঢেকিয়াল ফুকনক: জাতীয় সংগঠনৰ 

লেখাপানী, গণ বার্তা, ১৪ ছেপ্টেম্বৰ :   তিনিচুকীয়া জিলাৰ দিহিং পাটকাই সমন্বয়স্থলীত বীৰ লাচিত বৰ ফুকনৰ একাদশ বংশৰ নাতিয়েক পুৰুষোত্তম ঢেকিয়াল ফুকনক উষ্ম আদৰণি জাতীয় সংগঠনৰ । “দেশতকৈ মোমাই ডাঙৰ নহয়”, “আছে হেংদাং লোৱা নাই, ললে হেংদাং ৰক্ষা নাই” এই দুফাকি বাক্য ব্যৱহাৰ কৰি জাতীয় সংগঠনৰ মুখে মুখে প্ৰকাশ হোৱা দেখা যায় । তেনেস্থলত অসমক মোগলৰ পৰা ৰক্ষা কৰা বীৰ লাচিত বৰফুকনৰ বংশৰ বংশাৱলী অসমৰ ৰাইজে কিমান শ্ৰদ্ধা জনাইছে ? ঠিক তেনে সময়তে শেহতীয়াকৈ অসম অৰুণাচলৰ সীমান্ত টিৰাপ মৌজাৰ দিহিং পাটকাই চাওলুং চ্যুকাফা সমন্বয় ক্ষেত্ৰত বীৰ লাচিত বৰফুকনৰ একাদশ বংশৰ নাতিয়েক পুৰুষোত্তম ঢেকিয়াল ফুকন উপস্থিত হোৱা লগে লগে অতি তৎপৰতাৰে টিৰাপ জাগুন অঞ্চলৰ জাতীয় সংগঠনৰ নেতৃবৰ্গই উষ্ম আদৰণি জনায় । জাতীয় সংগঠন ক্ৰমে টাইপা, আটাছু, আটচা, টি এম পি কে মাৰ্ঘেৰিটা মহকুমা সীমিত, পাটকাই আঞ্চলিক, জাগুন টিৰাপ আঞ্চলিক সমিতিৰ নেতৃবৰ্গই এখনি সম্বৰ্ধনা পত্ৰ আৰু ফুলাম গামোচাৰে উষ্ম আদৰণি জনায় পুৰুষোত্তম ঢেকিয়াল ফুকনক । ঢেকিয়াল ফুকনৰ লগতে উপস্থিত থাকে টাইপা কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ক্ৰমে হৰেন ফুকন, কেন্দ্ৰীয় সমিতিৰ উপসভাপতি প্ৰশান্ত গগৈ,কেন্দ্ৰীয় সহকাৰী সম্পাদক নৱজিৎ বৰুৱা, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক টুফান কোঁৱৰ আৰু কেন্দ্ৰীয় সহকাৰী সম্পাদক শ্যামন্ত গগৈ । বীৰ লাচিত বৰফুকনৰ একাদশ বংশৰ নাতিয়েক পুৰুষোত্তম ঢেকিয়াল ফুকনে দিহিং পাটকাই অঞ্চলত উপস্থিত হৈ যিদৰে স্বৰ্গদেউ চাওলুং চ্যুকাফাই বৰ অসমৰ সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি সমন্বয় ৰক্ষাৰ যি আদৰ্শ দেখুৱাইছিল সেইদৰে সোণালী বৰ অসম খনত বসবাস কৰা প্ৰতিটো খিলঞ্জীয়া জাতি জনগোষ্ঠীক একত্ৰিত হৈ বসবাস কৰি সমন্বয় অটুট ৰাখিবলৈ লেখাপানী উদয়পুৰ স্থিত বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত এগছি বন্তি জ্বলাই সকলো জনগোষ্ঠীক সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায় । ( লেখাপানীৰ পৰা শৰৎ গগৈ )

Leave a Reply

Your email address will not be published. Required fields are marked *