দীপাঞ্জলি দাসৰ উপন্যাস “পাটকাই কলেজৰ এজাৰবুলীয়া সেই দিনবোৰ” উন্মোচন

গুৱাহাটা, ১১ এপ্ৰিলঃ সুলেখিকা দীপাঞ্জলি দাসৰ উপন্যাস “পাটকাই কলেজৰ এজাৰবুলীয়া সেই দিনবোৰ” আজি উন্মোচন কৰা হয়৷ মহানগৰীৰ দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰৰ আলোচনা কক্ষত  সদৌ অসম লেখিকা সংস্থাৰ সভানেত্ৰী মঞ্জুলা শৰ্মা ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত এক মনোজ্ঞ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয়৷ লেখিকাৰ কন্যা জ্যোতিস্মিতা দাসে আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটি উদ্দীপ্ত পাঠকৰ খোল বাদনেৰে শুভাৰম্ভ কৰা হয়৷ গ্ৰন্থখন আনুষ্ঠানিক ভাবে উন্মোচন কৰে বিশিষ্ট ঔপন্যাসিক,গল্পকাৰ মনিকুন্তলা ভট্টাচাৰ্যই। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্হিত থাকে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃনালিনী দেৱী, বিশিষ্ট ঔপন্যাসিক সাংবাদিক জিতুমনি বৰা আৰু সুলেখিকা নিৰু শৰ্মা পৰাজুলি। অনুষ্ঠানত কলা সমালোচক অতুল দত্ত, জ্যেষ্ঠ সাংবাদিক আজিজুৰ ৰহমান শইকীয়া, গ্ৰন্থখনিৰ প্ৰকাশক ডঁৰিয়ৰি প্ৰকাশৰ প্ৰকাশক কবি ড° বিজিত তালুকদাৰ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উপন্যাসখনি প্ৰকাশ কৰি উলিয়াইছে মহানগৰীৰ পাণবজাৰৰ ডঁৰিয়লি প্ৰকাশে।

Leave a Reply

Your email address will not be published. Required fields are marked *