শেহতীয়া খবৰ

দুসপ্তাহলৈ বৃদ্ধি হ’ব লকডাউন, প্ৰধান মন্ত্ৰীলৈ লিখিত প্ৰস্তাব ৰাজ্য চৰকাৰৰ

গুৱাহাটীঃ পুনৰ দুসপ্তাহলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে লকডাউন। ৰাজ্যৰ পৰিস্থিতি সন্দৰ্ভত ইতিমধ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰমোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে যাৱতীয় পৰিস্থিতিৰ বুজ লৈছে। ৩১ মে’ অৰ্থাৎ পুনৰ দুসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰিব লাগে বুলি ৰাজ্য চৰকাৰে প্ৰধান মন্ত্ৰীলৈ এক লিখিত প্ৰস্তাৱ আগবঢ়াইছে। আজি গুৱাহাটীত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰি কয় যে প্ৰতিখন ৰাজ্যৰ পৰা প্ৰস্তাৱ বিচাৰিছে প্ৰধান মন্ত্ৰী মোদীয়ে।

অহা ১৫ মে’ৰ ভিতৰত উক্ত প্ৰস্তাৱ দাখিল কৰাৰ নিৰ্দেশ দিছে। সেয়ে ইতিমধ্যে অসম চৰকাৰে দুসপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰাৰ পোষকতা কৰি প্ৰধান মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে। আজিৰ সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে এই বুলি কয় যে লকডাউন বৃদ্ধি হ’ব লাগে। ইপিনে দেশৰ গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ বাবে প্ৰধান মন্ত্ৰী মোদীয়ে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে প্ৰধান মন্ত্ৰীৰ এই পেকেজৰ পৰা অসমৰ উদ্যোগ খণ্ডই শক্তিশালী ৰূপ পাব। থলুৱাসামগ্ৰীয়ে বিশ্বৰ বজাৰ দখল কৰিব। থলুৱা উদ্যোগৰ জয়জয়কাৰ হ’ব। এক লাখ অতি ক্ষুদ্ৰ উদ্যোগে আগবাঢ়ি যাব।

প্ৰধান মন্ত্ৰীয়ে সঠিক সময়ত লকডাউন দিছে। যাৰ ফলত ১৩৫ কোটি ভাৰতীয়ক কোৰোনাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে। প্ৰধান মন্ত্ৰীৰ লোকেল, ভোকেল আৰু গ্ল’বেল শ্ল’গানেৰে আমি আগবাঢ়ি যাম বুলি সোণোৱালে উল্লেখ কৰে। একেদৰে লকডাউনৰ সময়ত যিসকলৰ ৰেচন কাৰ্ড নাই তেনে ৪৪ লাখ লোকক চাউল যোগান ধৰাৰ কথা সদৰী কৰে মুখ্যমন্ত্ৰীয়ে। লগতে তেওঁ কয় যে ৯৯.৯ শতাংশ অসমৰ অতি ক্ষুদ্ৰ, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগক উজ্জীৱিত কৰি তোলা হ’ব। ২.৮৯ লাখ নিৰ্মাণ শ্ৰমিকৰ ধন জমা দিয়া হ’ব।

৬.৫ লাখ বহিঃৰাজ্যত থকা লোকক উভতি অহাৰ বাবে আবেদন কৰিছে তেওঁলোক শ্ৰমিক নে যাত্ৰী নে ৰোগী জানিব পৰা হোৱা নাই। কোৰোনাৰ এই সময়ত আমি সকলোৱে সজাগ আৰু সচেতন হ’ব লাগিব। হিমালয় সদৃশ্য পৰিস্থিতিৰ পিনে আমি গৈ আছো। এই সময়ত ধৈৰ্য সহকাৰে মোকাবিলা কৰিব লাগিব। আমি আতংকিত হ’ব নালাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আহবান জনায়। ইপিনে শেহতীয়াকৈ কৃষি বিভাগৰ কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে চৰকাৰে দুৰ্নীতি কেতিয়াও সহ্য নকৰে। শূন্য সহনশীলতা নীতি গ্ৰহণ কৰি দুৰ্নীতিত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। যদি কোনোবা দুৰ্নীতিত জড়িত হৈ আছে তেওঁলোকে ৰেহাই নাপাব। ইতিমধ্যে কৃষি বিভাগৰ কেলেংকাৰী সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *