Home স্থানীয় দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল জিলা আৱকাৰী অধীক্ষকসহ দুজন

দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল জিলা আৱকাৰী অধীক্ষকসহ দুজন

102
0

গণ বাৰ্তা, ডুম ডুমা : ৬ মে’: পুনৰ সক্ৰিয় হৈ পৰিছে দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখা। অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাই আজি তিনিচুকীয়াত অভিযান চলাই তিনিচুকীয়া জিলা আৱকাৰী অধীক্ষক মানস জ্যোতি দাসক উৎকোচ লোৱাৰ অভিযোগত নিজ কাৰ্যালয়ত হাত লোতে আটক কৰে ।তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সংলগ্ন অৱকাৰী অধীক্ষকৰ কাৰ্যালয়ত দাসক জেৰা চলাই দুৰ্নীতি নিৰ্বাৰক আৰু অপৰাধ অনুসন্ধান শাখাই | তেওঁৰ লগতে ব্যক্তিগত পিয়ন অৰ্জুন বাস্ফোৰ নামৰ এজনকো আটক কৰে। অভিযোগ মতে তিনিচুকীয়া জিলাৰ প্ৰতিখন সুৰাৰ বিপনীৰ পৰা আৱকাৰী অধীক্ষকৰ নামত মাহেকত দুইহেজাৰ টকাকৈ উৎকোচ লৈ আহিছিল । শেহতীয়াকৈ সুৰাৰ বিপনীৰ স্বত্ত্বাধিকাৰীসকল অতিষ্ঠ হৈ দুৰ্নীতি নিবাৰক শাখাক দিয়া অভিযোগৰ ভিত্তিত আজি বিভাগটোৰ এগৰাকী উপ আৰক্ষী অধীক্ষক, তিনি গৰাকী পৰিদৰ্শকৰ নেতৃত্বত ১৩ জনীয়া এটা দলে অভিযান চলাই হাতে লোতে অধীক্ষক সহ দুজনক আটক কৰে । অভিযোগ মতে, অধীক্ষক গৰাকীৰ হৈ কমিচন সংগ্ৰহ কৰিছিল অৰ্জুন ভাস্ফৰ নামৰ যুবকজনে | জানিব পৰা মতে বিষয়া গৰাকী ধুবুৰীৰ পৰা কিছু দিন পূৰ্বে তিনিচুকীয়ালৈ বদলি হৈ আহিছিল। উল্লেখযোগ্য যে, তিনিচুকীয়াৰ প্ৰতিখন সুৰাৰ বিপনি আৰু বাৰ-ৰেষ্টুৰেণ্টৰ পৰা, বিভিন্ন উৎসৰ পৰা প্ৰতি মাহে 2000 টাকাকৈ আৰু বৃহৎ কমিচন সংগ্ৰহ কৰে বুলিও অভিযোগ উঠিছিল । জানিব পৰা মতে তিনিচুকীয়া জিলাত ১৪০ খন সুৰাৰ বিপনি আৰু ২৪ খন বাৰ- ৰেষ্টুৰেণ্ট আছে। দুৰ্নীতি নিবাৰক আৰু অপৰাধ অনুসন্ধান শাখাৰ জালত পৰা অৱকাৰী অধীক্ষক মানস জ্যোতি দাসৰ ঘৰ নলবাৰীত হোৱাৰ বিপৰীতে অৰ্জুন বাস্ফোৰৰ ঘৰ তিনিচুকীয়াত। তেওঁ আৱকাৰী বিভাগৰ কৰ্মচাৰী নহয় যদিও বাস্ফোৰৰ দ্বাৰাই সমস্ত কমিচনৰ লেন দেন হৈ থকা বুলিও অভিযোগ উত্থাপিত হৈছে। পৰিপ্ৰেক্ষিততে আৱকাৰী বিভাগৰ স্থায়ী কৰ্মচাৰী নোহোৱা স্বত্তেও জিলা আবকাৰী বিভাগত এজন বিষয়াৰ দৰে, উঠি ৰজা, বহি ৰজা হৈ আছিল। আটক কৰা দুয়োজনকে দুৰ্নীতি আৰু অপৰাধ অনুসন্ধান শাখাই গুৱাহাটীলৈ লৈ গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here