Thursday , August 13 2020
শেহতীয়া খবৰ

দেশত অতি ভয়াৱহ দিশে গতি কৰিছে কোৰোনা মহামাৰীয়ে

 ৪,৯০,৪০১জনলৈ বৃদ্ধি আকান্তৰ সংখ্যা
 
গুৱাহাটী : দেশত ক্ৰমাৎ অতি ভয়াৱহৰ ৰৃপ ধাৰণ কৰিছে কোৰোনা মহামাৰীয়ে। দৈনিক অভাৱনীয় হাৰত বৃদ্ধি পাইছে কোৰোনাত আকান্ত লোকৰ সংখ্যা। যোৱা ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক ১৭,২৯৬জন লোক কোৰোনা ভাইৰাছত আক্রান্ত হয় আৰু ৪০৭ জনৰ প্রাণহানি হয়। দেশত কোৰোত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫,৩০১জনলৈ বৃদ্ধি পাইছে। আনহাতে ভাৰতত এতিয়া মুঠ কোৰোনা আক্রান্তৰ সংখ্যা ৪,৯০,৪০১জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ২,৮৫,৬৩৬জন লোক কোৰোনাৰ পৰা সুস্থ হৈ উঠিছে। যোৱা ২৪ ঘণ্টাত ১৩,৯৪০জন সুস্থ হৈছে। আনহাতে দেশত সক্ৰিয় কোৰোনা ৰোগীৰ সংখ্যা হৈছে ১,৮৯,৪৬৩জন। ভাৰতত এতিয়ালৈ মুঠ কোৰোনা নমুনা টেষ্ট কৰা হৈছে ৭৭,৭৬,২২৮টা। যোৱা ২৪ ঘণ্টাত সৰ্বাধিক ২,১৫,৪৪৬টা কোৰোনা নমুনা টেষ্ট কৰা হৈছে।ভাৰতত সুস্থ হাৰ ৫৮.২৪শতাংশ হৈছেগৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *