Sunday , September 20 2020
শেহতীয়া খবৰ

দেশত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৫৯,৬৬২ জনলৈ বৃদ্ধি

নতুন দিল্লীঃ ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ২৪ঘণ্টাত ভাৰতত ৩,৩২০ জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫৯,৬৬২ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ১৭৮৪৭ জন লোক কোৰোনা আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে যদিও মৃত্যু ঘটা লোকৰ সংখ্যা দেশত ১৯৮১ জনলৈ বৃদ্ধি পাইছে। যোৱা ২৪ঘণ্টাত ভাৰতত ১৩০৭ জন লোক কোৰোনা আক্ৰান্তৰ পৰা সুস্থ হৈ উঠিছে। কিন্তু যোৱা ২৪ ঘণ্টাত দেশত কোৰোনা আক্ৰান্তত ৯৫জন লোকৰ প্ৰাণহানি হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *