Friday , September 25 2020
শেহতীয়া খবৰ

দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা অধিক হাৰত বৃদ্ধি, ২৪ ঘণ্টাত ৫,৬১১জন আক্ৰান্ত , নিহত ১৪০

নতুন দিল্লীঃ  দেশত কোৰোনা আক্ৰান্তৰ সংখ্যা অধিক হাৰত বৃদ্ধি ঘটিছে। চীনৰ পৰা উদ্ভৱ হোৱা কোৰোনা ভাইৰাছে সমগ্ৰ দেশত ত্ৰাসৰ সৃষ্টি কৰে। জানিব পৰা অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত নকৈ কোৰোনাত আক্ৰান্ত হয় ৫,৬১১জন। ইপিনে, বিগত ২৪ ঘণ্টাত কোৰোনা ভাইৰাছত নিহত হয় ১৪০জন লোক। বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত কোৰোনা ভাইৰাছত আক্ৰান্তৰ সংখ্যা অধিক হাৰত বৃদ্ধি ঘটি ১,০৬,৭৫০ জন হয়। কোভিড-১৯ত মৃত্যু হয় ৩,৩০৩জন লোকৰ।

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি দেশত বৰ্তমানেও ৬১,১৪৯টা একটিভ কেছ। অৱশ্যে ৪২,২৯৭জন লোক স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাত চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি দিয়ে। কোৰোনা ভাইৰাছত দেশৰ ভিতৰত সৰ্বাধিক মৃত্যু হয়। মহাৰাষ্ট্ৰত। জানিব পৰা অনুসৰি উক্ত ৰাজ্যখনত ১,৩২৫জন লোকৰ মৃত্যু ঘটে কোৰোনাত আক্ৰান্ত হৈ। মহাৰাষ্ট্ৰত ৩৭,১৩৬জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হয়। দিল্লীত বাতৰি যুগুত কৰাৰ পৰলৈকে ১০,৫৫৪জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হয়। ইয়াৰে ১৬৮জন লোকৰ মৃত্যু ঘটে। গুজৰাটত ১২,১৪০জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হয়। ইয়াৰে ৭১৯জন লোকৰ মৃত্যু ঘটে।

মধ্যপ্ৰদেশত ৫,৪৬৫জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হয়। ইয়াৰে ২৫৮জন লোকৰ মৃত্যু ঘটে। তামিলনাডুত ১২৪৪৮জন লোক উক্ত ভাইৰাছত আক্ৰান্ত হয়। ইয়াৰে ৮৪জন লোকৰ মৃত্যু ঘটে। অন্ধ্ৰ প্ৰদেশত উক্ত মহামাৰীত আক্ৰান্ত হয় ২,৫৩২জন লোক। ইয়াৰে মৃত্যু ঘটে ৫২জন লোকৰ। বিহাৰত উক্ত মহামাৰীত আক্ৰান্ত হয় ১,৫০০জন লোক। ইয়াৰে ন জন লোকৰ মৃত্যু ঘটে। উত্তৰ প্ৰদেশত ৪,৯২৬ জন লোক আক্ৰান্ত হয়, ইয়াৰে ১২৩ জন লোকৰ মৃত্যু ঘটে। ৰাজস্থানত ৫,৮৪৫জন লোক কোৰোনা ভাইৰাছত আক্ৰান্ত হয়। ইয়াৰে ১৪৩ জন লোকৰ মৃত্যু ঘটে। পশ্চিমবংগত কোৰোনা ভাইৰাছত আক্ৰান্ত হয় ২,৯৬১জন লোক, ইয়াৰে ১,০৭৪ জন লোকৰ মৃত্যু ঘটে।

Leave a Reply

Your email address will not be published. Required fields are marked *