Monday , September 21 2020
শেহতীয়া খবৰ

দেশত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ ১৫ জিলাৰ ‘হটস্পট’ চীল কৰিলে জুবি চৰকাৰে

দৈনিক গণঅধিকাৰঃ কোৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ দেশত লকডাউন চলি থকাৰ সময়তে উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ নেতৃত্বাধীন বিজেপি চৰকাৰে অধিক কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে। শেহতীয়া খবৰ অনুসৰি উত্তৰ প্ৰদেশত মহামাৰীত ৩২৬ জন লোক আক্ৰান্ত হৈছে আৰু ৩জন কোৰোনাত আক্ৰান্ত লোকৰ মৃত্যু হোৱাৰ লগতে ২১জনে আৰোগ্য লাভ কৰিছে। সেয়ে যোগী চৰকাৰে ১৫খন জিলাক সামৰি লৈ কোৰোনাৰ ‘হটস্পট’ ৰূপে চিহ্নিত বৃহৎ এক অঞ্চল চীল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। অহা ১৫ এপ্ৰিল পৰ্যন্ত এই ১৫খন জিলাৰ হটস্পট সমূহ চীল কৰা থাকিব।

হটস্পট অৰ্থাৎ যিবোৰ অঞ্চলত কোৰোনা ভাইৰাছ সংক্ৰমিত লোক উদ্ধাৰ হৈছে সেই এলেকাসমূহ চিহ্নিত কৰা হৈছে। ইয়াৰ ভিতৰত আছে লক্ষে®ৗৰ গৌতমবৌদ্ধ নগৰ, গাজিয়াবাদ, মেৰঠ, আগ্ৰা, শাম্লি, চাৰহামপুৰ আৰু শিল্পনগৰী নয়দাৰ দৰে এলেকাসমূহ। যিসময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদীয় ৰাজনৈতিক নেতৃবৃন্দৰ সৈতে লকডাউনৰ পৰিস্থিতি সম্পৰ্কে ভিডিঅ’ কনফাৰেন্সৰ জড়িয়তে আলোচনা কৰি ম্যাদ বৃদ্ধিৰ সম্ভাৱনা সম্পৰ্কে আলোচনা কৰিছিল, ঠিক সেই সময়তে উত্তৰ প্ৰদেশৰ বিজেপি মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ৰাজ্যখনৰ ১৫খন জিলাৰ কোৰোনা হটস্পট ৰূপে চিহ্নিত অঞ্চল চীল কৰাৰ ঘোষণা কৰে।

উত্তৰপ্ৰদেশৰ মুখ্য সচিবে আজি এই ঘোষণা কৰাৰ লগতে জনায় যে আজি নিশাৰ পৰা যিবোৰ অঞ্চল চীল কৰা কাৰ্য বলবৎ হ’ব। এই সময়ছোৱাত সাধাৰণ নাগৰিকৰ প্ৰয়োজনীয় সকলো সামগ্ৰী ঘৰে ঘৰে দিয়া হ’ব। যিবোৰ অঞ্চলত ছয়জন ব্যক্তি অথবা তাতোধিক ব্যক্তি কোৰোনাত আক্ৰান্ত হৈছে, তেনে অঞ্চলত কোৰোনাৰ হটস্পট ৰূপে চিনাক্ত কৰা হৈছে। ইফালে কেন্দ্ৰীয় চৰকাৰে আৰু দুই ধৰণৰ হটস্পটৰ কথা কৈছে। যিবোৰ অঞ্চলত যোৱা দুটা সপ্তাহত কোৰোনাত সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাইছে সেইবোৰ অঞ্চলত হটস্পট ৰূপে চিহ্নিত কৰা হৈছে।

আনহাতে যিবোৰ অঞ্চলত জনবসতি অধিক ঘন সেইবোৰ অঞ্চলত সম্ভাৱ্য হটস্পট ৰূপে চিনাক্ত কৰা হৈছে। উল্লেখ্য যে উত্তৰপ্ৰদেশৰ তুলনাত প্ৰতিবেশী দিল্লীৰ অৱস্থা শোচনীয় হৈ পৰিছে। দিল্লীত ৫৬৭জন লোক কোৰোনাত সংক্ৰমিত হৈছে আৰু এতিয়ালৈকে ৯জনৰ মৃত্যু হৈছে। সেয়ে কোৰোনাত সংক্ৰমণৰ পৰা উত্তৰপ্ৰদেশত ৰক্ষা কৰিবলৈ চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি ৰাজ্যখনৰ মুখ্য সচিবে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *