শেহতীয়া খবৰ

দেশত ৩১ মে’লৈ বৃদ্ধি লকডাউন

দেশত ভয়াবহভাৱে প্ৰতি ঘণ্টাত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা। বৰ্তমানলৈকে দেশত ৯২২৩৯ জন লোক কোৰোনাত আকান্ত হৈছে। ইয়াৰে মৃত্যু ঘটিছে ২৯১১ জন। দেশত কোৰোনাৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি গৃহমন্ত্ৰালয়ে আজি ৩১ মে’লৈ লকডাউন বৃদ্ধিৰ ঘোষণা কৰিছে। উল্লেখ্য যে গধুলি ৭ বজাৰ পৰা পুৱা ৭ বজালৈ সান্ধ্যআইন বলবৎ কৰা হৈছে। লকডাউনৰ সময়ছোৱাত স্কুল-কলেজ, শ্বপিংমল, বাৰ-ৰেষ্টুৰেণ্ট, অকাডেমিক, ধৰ্মীয়স্থলী আদি বন্ধ ৰখাৰ নীতি-নিৰ্দেশনা আগবঢ়াইছে। আনহাতে অসম ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে। অসমত ৯৭জনলৈ বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা।

 

Leave a Reply

Your email address will not be published. Required fields are marked *