Friday , September 25 2020
শেহতীয়া খবৰ

দেশৰ ভিতৰতে শীৰ্ষত যোৰহাট চিকিৎসা মহাবিদ্যালয়, ৬৯২ জন ফেকাল্টিক CISP প্ৰশিক্ষণৰে ৰাজ্যলৈ কঢ়িয়ালে সন্মান

গণ বার্তা, যোৰহাট, ১৫ চেপ্তেম্বৰঃ  কোৰোণা মহাসংকটৰ সময়তো ৰাজ্যবাসীলৈ এটা ভাল খবৰ কঢ়িয়াই আনিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়ে।NATIONAL FACULTY DEVELOPMENT PROGRAMৰ অন্তৰ্গত CISP TRAININGত দেশৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে চিকিৎসা মহাবিদ্যালয়খন। ২০১৯ চনতে চিকিৎসা মহাবিদ্যালয়খনক REGIONAL CENTER FOR MEDICAL EDUCATION TECHNOLOGIES প্ৰশিক্ষণ প্ৰদানৰ বাবে সমগ্ৰ পূৰ্ব ভাৰততে স্বীকৃতি দিছিল মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াই। আৰু তেতিয়াৰে পৰা মেডিকেল কাউঞ্চিল অৱ ইণ্ডিয়াৰ অধীনত থকা উত্তৰ পূব ভাৰতৰ ২৮খন চিকিৎসা মহাবিদ্যালয়ত CISPৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছিল চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসকসকলে। ২০১৯ বৰ্ষৰ সমীক্ষা অনুসৰি যোৰহাট চিকিৎসা মহাবিদ্যালয়ে ৩২ টাকৈ CISP প্ৰশিক্ষণ অনুষ্ঠিত কৰিবলৈ সক্ষম হৈছে । আনহাতে চিকিৎসা মহাবিদ্যালয়খনে ৬৯২ জন ফেকাল্টিক প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছে, যি দেশৰ ভিতৰতে সৰ্বাধিক। ইয়াৰে ৮ টা প্ৰশিক্ষণ যোৰহাট চিকিৎসা মহাবিদ্যালয়স্থিত মূল প্ৰশিক্ষণ কেন্দ্রত অনুষ্ঠিত কৰাৰ বিপৰীতে পূব ভাৰতৰ বিভিন্ন স্থানত অৱস্থিত ২৪ খন বিভিন্ন চিকিৎসা মহাবিদ্যালয়ত প্ৰশিক্ষণ প্ৰদান কৰিছিল চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক সকলে ৷ উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডা০ পূৰ্ণিমা বৰুৱাৰ নেতৃত্বত এটা ১০ জনীয়া দলে প্ৰদান কৰি আহিছে এই প্ৰশিক্ষণ। এনেধৰণৰ প্ৰায় ১২ টা, ৰিজ’নেল চেন্টাৰ সমগ্ৰ ভাৰতবৰ্ষত আছে। ( ঋতুৰাজ ফুকন , যোৰহাট )

Leave a Reply

Your email address will not be published. Required fields are marked *