Home Main Stories দেশ ৰজাৰ বাবে নহয়, ৰজা দেশৰ বাবে, এনডিএৰ বৈঠকত বিদায়ী মুখ্যমন্ত্ৰী...

দেশ ৰজাৰ বাবে নহয়, ৰজা দেশৰ বাবে, এনডিএৰ বৈঠকত বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

32
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ মে’ :  অসমৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি বিজেপিৰ বিধায়িনী দলৰ বৈঠকত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হয়। আনকি হিমন্ত বিশ্ব শৰ্মাক এনডিএৰ আন অংশীদাৰ দলসমূহেও মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন আগবঢ়ায়। আজি এনডিএৰ বিধায়িনী দলৰ বৈঠকত অংশগ্ৰহণ কৰি বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ প্ৰসংগত কয় যে আমি সকলোৱে পাঁচ বছৰ কাম কৰিলোঁ। বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম একত্ৰিত হৈ আগবাঢ়িলোঁ। সকলোকে আমি প্ৰগতিৰ ক্ষেত্ৰত আগুৱাই নিলোঁ। শান্তি প্ৰতিষ্ঠাত দেখুৱা পাৰদৰ্শিতাই পুনৰ চৰকাৰ গঠনৰ সুবিধা দিলে। হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে অভিনন্দন জ্ঞাপন কৰি বিদায়ী মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয় যে হিমন্তই যোগ্যতাৰে অসমক নেতৃত্ব দিব। মিলাপ্ৰীতিৰে আগবাঢ়িলে আমি সফল হ’ম। সতীৰ্থ বিধায়কসকলক সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সামাজিক তথা সকলোকে গুৰুত্ব দিবলৈ আহবান জনায়। তেওঁ লগতে আৰু কয় যে দেশ ৰজাৰ বাবে নহয়, ৰজা দেশৰ বাবে। এই নীতিৰে আগবাঢ়িবলৈ পৰামৰ্শ আগবঢ়াই আৰু কয় যে হিমন্তৰ প্ৰতি মোৰ মৰম, ভালপোৱা, শ্ৰদ্ধা থাকিব। সফলতাৰে হিমন্তই কাৰ্যকাল সমাপ্ত কৰিব বুলি আশাবাদী। হিমন্তৰ কান্ধত গধুৰ গুৰুদায়িত্ব আহিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here