Monday , September 21 2020
শেহতীয়া খবৰ

দৈনিক গণঅধিকাৰ বাতৰিৰ প্ৰভাৱঃ ৮ মে’ৰ ভিতৰত দিব লাগিব উত্তৰ

কোৰোনাৰ নামত সাম্প্ৰদায়িক ৰূপ দিবলৈ, চেষ্টা কৰা বিদেশী ন্যায়াধিকৰণৰ ১৪ সদস্যক শ্ব’কজ

দৈনিক গণঅধিকাৰ, গুৱাহাটীঃ কোৰোনাবিৰোধী যুঁজত সহযোগিতা আগবঢ়োৱাৰ বাবে অসম আৰোগ্য নিধিলৈ সাহায্য প্ৰদানৰ নামত চৰম সাম্প্ৰদায়িকতাৰ আশ্ৰয় লোৱা বিদেশী ন্যায়াধিকৰণৰ ১৪গৰাকী সদস্য এইবাৰ চৰকাৰৰ ৰোষত পৰিল। যি সময়ত কোৰোনাক লৈ দেশ আতংকিত হৈ আছে তেনে সময়তে বিদেশী ন্যায়াধিকৰণৰ সদস্য পদত অধিষ্ঠিত এইসকল সদস্যৰ নিকৃষ্ট সাম্প্ৰদায়িক মানসিকতাৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ। আৰোগ্য নিধিলৈ সাহায্য প্ৰদান কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ চৰ্ত আৰোপ কৰি পত্ৰ প্ৰেৰণ কৰি বিতৰ্কৰ সূচনা কৰা এইসকল বিতৰ্কিত সদস্যক কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে ৰাজ্য চৰকাৰৰ ৰাজনৈতিক (বি) বিভাগে। এইসকল সদস্যৰ বিৰুদ্ধে কিয় অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ নকৰে তাৰ বাবে অহা আঠ মে’ৰ সময় নিৰ্ধাৰণ কৰি দিয়ে।

বাক্সা বিদেশী ন্যায়াধিকৰণৰ সদস্য চন্দন মালাকাৰ, প্ৰণৱ নাথ, অমলেশ অধিকাৰী, শিলচৰ চতুৰ্থ বিদেশী ন্যায়াধিকৰণৰ সদস্য ৰঞ্জন ৰয়, শিলচৰ তৃতীয় বিদেশী ন্যায়াধিকৰণৰ সদস্য ব্ৰজেন্দ্ৰ কুমাৰ তালুকদাৰ, মৰিগাঁও প্ৰথম বিদেশী ন্যায়াধিকৰণৰ সদস্য নৱনীতা বৰুৱা, কামৰূপ (গ্ৰাম্য)ৰ তৃতীয় বিদেশী ন্যায়াধিকৰণৰ সদস্য কম্পা চক্ৰৱৰ্তী, বৰপেটা একাদশ বিদেশী ন্যায়াধিকৰণৰ সদস্য বিনোদ কুমাৰ বসুমতাৰী, বৰপেটা দশম বিদেশী ন্যায়াধিকৰণৰ সদস্য সঞ্জীৱ গগৈ, শিলচৰ তৃতীয় বিদেশী ন্যায়াধিকৰণৰ সদস্য স্বৰ্ণালী ঘোষ, শিলচৰ তৃতীয় বিদেশী ন্যায়াধিকৰণৰ সদস্য প্ৰলয় নাথ ভট্টাচাৰ্য, শিলচৰ প্ৰথম বিদেশী ন্যায়াধিকৰণৰ সদস্য ভুং চৌন চিঙ্গি, কৰিমগঞ্জ প্ৰথম বিদেশী ন্যায়াধিকৰণৰ সদস্য প্ৰদীপ কুমাৰ দাস আৰু কামৰূপ (গ্ৰাম্য)ৰ প্ৰথম বিদেশী ন্যায়াধিকৰণৰ সদস্য নিবেদিতা তামুলী নাথলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰি কিয়- এইসকলৰ বিৰুদ্ধে অনুশালন ব্যৱস্থা কিয় গ্ৰহণ নকৰিব তাৰ বাবে উত্তৰ দিবলৈ নিৰ্দেশ দিছে।

উল্লেখ্য যে কোৰোনাৰ বাবে অসম আৰোগ্য নিধিলৈ বাক্সা জিলাৰ এইসকল সদস্যই কিছু আৰ্থিক সাহায্য প্ৰদান কৰিছিল। আৰ্থিক সাহায্য প্ৰদান কৰি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ যোৱা ৭ এপ্ৰিলত এক পত্ৰ প্ৰেৰণ কৰিছিল। সোতৰগৰাকীকৈ বিদেশী ন্যায়াধিকৰণৰ সদস্য তথা কৰ্মচাৰীৰ নাম উল্লেখ থকা উক্ত পত্ৰখনত স্বাক্ষৰ কৰিছিল তামুলপুৰ বিদেশী ন্যায়াধিকৰণৰ সদস্য কমলেশ কুমাৰ গুপ্তাই। পত্ৰখনত এইবুলি উল্লেখ কৰিছিল যে যি আৰ্থিক সাহায্য বিদেশী ন্যায়াধিকৰণৰ সদস্যসকলে প্ৰদান কৰিছে সেই ধন যাতে আইন অমান্যকাৰী তবলীগী জামাত, জেহাদী আৰু জাহিলৰ ক্ষেত্ৰত ব্যৱহাৰ নহয় তাৰ বাবে চৰ্ত আৰোপ কৰিছিল। এনেদৰে আৰ্থিক সাহায্য প্ৰদান কৰি এটা বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি এনেধৰণৰ বিতৰ্কিত পত্ৰ প্ৰেৰণ কৰা বিষয়টোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বিতৰ্কিত সদস্যৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন সৰৱ হৈ পৰিছিল। আনকি বাক্সা জিলা আমছুৰ লগতে বিভিন্ন দল-সংগঠনে কে’বাটাও গোচৰ ৰুজু কৰিছিল।

বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰীক এক পত্ৰৰ জৰিয়তে বিতৰ্কিত সদস্যসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰিছিল। কোৰোনাই যিহেতু জাতি-ধৰ্মৰ বিচাৰ নকৰে সেই ক্ষেত্ৰত বিদেশী ন্যায়াধিকৰণৰ সদস্যই চৰ্ত আৰোপ কৰি এটা বিশেষ সম্প্ৰদায়ক যাতে উক্ত ধনেৰে সহায় নকৰে তাৰ বাবে পত্ৰযোগে মুখ্যমন্ত্ৰীক অৱগত কৰা বিষয়টোক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। এই সমস্ত বিষয়টোৰ সন্দৰ্ভত ‘দৈনিক গণ অধিকাৰ’ কাকতত প্ৰকাশ পাইছিল। দৈনিক গণঅধিকাৰ কাকতত বিতৰ্কিত সদস্যৰ বিৰুদ্ধে সবিস্তাৰে প্ৰকাশ পোৱাৰ পিছতেই উক্ত বাতৰিকলৈ দিছপুৰত তোলপাৰ লাগে। কাৰণ দৰ্শোৱাৰ জাননীত ¦পষ্টভাৱে উল্লেখ কৰা হৈছে দৈনিক গণঅধিকাৰৰ বাতৰিৰ প্ৰসংগ । অৱশেষত কালি চৰকাৰে এই সদস্যসকলৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে। যিগৰাকী সদস্যই স্বাক্ষৰ কৰিছিল, অৰ্থাৎ বিতৰ্কিত সদস্য হিচাপে পৰিচিত কমলেশ কুমাৰ গুপ্তাক সুকীয়াকৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিব বুলিও জানিব পৰা গৈছে। যি কি নহওক, কোৰোনাবিৰোধী যুঁজত সহযোগিতা আগবঢ়োৱাৰ নামত চৰম সাম্প্ৰদায়িকতাৰ আশ্ৰয় লোৱা এইসকল সদস্যৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *