শেহতীয়া খবৰ

দৰঙৰ দলগাঁও শিলবৰী সংযোগী ধনশ্ৰী নৈৰ ওপৰত থকা দলঙত সৃষ্টি হৈছে বৃহৎ বৃহৎ ফাঁট

দৈনিক গণঅধিকাৰ, খাৰুপেটীয়াঃ যোৱা কেইদিনৰ ধাৰাষাৰ বৰষুনৰ  ফলত দৰঙৰ ধনশ্ৰী নৈৰ  বাঢ়নী পানীয়ে আতংকিত কৰিছে শিলবৰী বৃহত্তৰ এলেকাৰ গঞাক । নৈখনৰ বাঢ়নী পানীৰ আতংকৰ  সময়তে  ধনশ্ৰী দলঙৰ মাজভাগত সৃষ্টি হোৱা  বৃহৎ ফাঁটবোৰে  চিন্তিত কৰি তুলিছে ৰাইজক । যোৱা কেইদিনৰ পৰা হৈ থকা ধাৰাষাৰ বৰষুনৰ ফলত ধনশ্ৰী নৈৰ জলপৃষ্ঠ বাঢ়ি অহাৰ ফলত  আজি পুৱাৰ পৰা দলংখনত এনেধৰনৰ বৃহৎ ফাঁট ৰাইজে প্ৰত্যক্ষ কৰাৰ পিছত দলংখনৰ ওপৰত ৰাইজৰ ভিৰ হয়৷
দলগাঁৱৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান সংযোগী এই দলংখন আঠ বছৰ পূৰ্বে নিৰ্মান কৰা হৈছিল৷ দলংখনৰ মাজভাগত হঠাতকৈ সৃষ্টি হোৱা এনে ফাঁটবোৰৰ ফলত দলংখন ভাঙি যোৱাৰ আশংকা কৰিছে ৰাইজে৷ যাৰ বাবে অতি শীঘ্ৰেই দলংখন মেৰামতি কৰি তুলিবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে৷ উল্লেখ্য যে কেইদিনমানৰ পৰা হৈ থকা প্ৰৱল বৰষুণৰ ফলত ধনশ্ৰী নৈৰ বাঢ়নী পানীয়ে   ইতিমধ্যে বহুতো গাৱৰ খেতি পথাৰ ,ঘৰ বাৰী ,মথাউৰি প্লৱিত কৰি হাহাকাৰৰ সৃষ্টি কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *