দৰ্শনাৰ্থীৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বন্ধ

গণ বাৰ্তা, বোকাখাত , ৩ মে : মহামাৰী ক’ভিডৰ আতংকত  বিশ্বৰ সৰ্বাধিক এটা খড়্গ থকা গড়ঁৰ বাসস্থান তথা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ প্ৰতিও ভাবুকি আহি পৰিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক পি শিৱকুমাৰে জানিব দিয়া মতে ক’ভিডৰ সময়তো  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অতি কম সংখ্যক পৰ্যটকৰ আগমন ঘটি আছিল । কাজিৰঙালৈ অহা পৰ্যটকৰ পৰা যিকোনো সময়তে ক’ভিড ৰোগৰ বীজানু বন্যপ্ৰাণীৰ দেহলৈ সংক্ৰামিত হোৱাৰ সম্ভাৱনা আছে । সেই কাৰণে আজিৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনাৰ্থীৰ বাবে বন্ধ ঘোষণা কৰা হৈছে । উল্লেখ্য ইয়াৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনত মিহিমুখ আৰু বাগৰি বনাঞ্চলত চলি থকা এলিফেন্ট ছাফাৰী বন্ধ কৰা হৈছিল যদিও জীপ ছাফাৰী অব্যাহত আছিল  । সঞ্চালকজনে আৰু জানিব দিয়া মতে ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ ৰাখি ৰাজ্যখনৰ অতিৰিক্ত  প্ৰধান মুখ্য বন সংৰক্ষক এম কে যাদবে দিয়া এক নিৰ্দেশ মৰ্মে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে ৰাজ্যখনৰ সকলো ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী  অভয়াৰণ্য দৰ্শনাৰ্থীৰ বাবে বন্ধ ঘোষণা কৰিছে । পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলিও সঞ্চালকে জানিব দিয়ে । উল্লেখ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ  দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটকৰ দেহৰ পৰা ইতিমধ্যে কাজিৰঙাত ক’ভিড  ৰোগৰ বীজানু পৰ্যটন নিবাসৰ কৰ্মচাৰীৰ দেহলৈ সংক্ৰামিত হৈছে । এই ক্ষেত্ৰত কাজিৰঙাৰ পৰ্যটন নিবাসৰ কৰ্মচাৰী তথা স্থানীয় লোকৰ দেহলৈ যাতে মহামাৰী ৰুপ ধাৰণ কৰা ক’ভিডৰ  বীজানু সংক্ৰামিত নহয় তাৰ প্ৰতি লক্ষ ৰাখি  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা  উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যৰ বাদে দেশৰ আন ৰাজ্যৰ পৰা অহা সকলো পৰ্যটকে কভিড পৰীক্ষা কৰোৱাটো বাধ্যতামূলক বুলি এক নিৰ্দেশ জাৰি কৰিছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *