Thursday , August 13 2020
শেহতীয়া খবৰ

ধনশিৰি নদীৰ গৰাখহনীয়াৰ কবলত বোকাজান মহকুমাঃঃ শ শ বিঘা কৃষিভূমি ধনশিৰিৰ বুকুত বিলীন

গণ বাৰ্তা, বোকাজান, ৩০ জুলাই ঃ প্ৰতিবছৰে ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়াই নদীকাষৰীয়া অঞ্চলৰ লোকসকললৈ চৰম বিপৰ্যয় মাতি অনাৰ লগতে বহু লোকৰ শ শ বিঘা মাটি ধনশিৰিৰ বুকুত জাহ গৈছে। বোকাজান মহকুমাৰ অন্তৰ্গত বেঙেনাবিল, মাজগাঁও, নাওকটা, আলুবাৰী, বেতমহল, ঘৰিয়াডুবি, বোকাজানৰ প্ৰতিমা বিসৰ্জনঘাট, টেঙাহোলা, দুইমাইল, ম’হখুটি, কঁঠালগুৰি, ভকতবিল, টিংলিজান, গাৰোবস্তি, নেপেৰপেট্ৰি, ডিলাওজান, লাংবৈ, চিনাডুবি, জপৰাজান,  পাণবাৰী, ৰঙাগড়া, দেওপানী আদি অঞ্চলৰ বহু লোকৰ কৃষিভূমি ইতিমধ্যে ধনশিৰি নদীয়ে সামৰি লৈছে। বিশেষকৈ ভকতবিল অঞ্চলত বছৰ বছৰ ধৰি হোৱা ধনশিৰিৰ প্ৰবল গৰাখহনীয়াৰ ফলত শ শ বিঘা কৃষিভূমিৰ লগতে বহু লোকৰ আৱাসো ধনশিৰিৰ বুকুত বিলীন হৈ গৈছে। যাৰ ফলত উক্ত অঞ্চলৰ লোকসকলে তেওঁলোকৰ ঘৰ-বাৰীসমূহ নদীকাষৰীয়া অঞ্চলৰ পৰা তিনি-চাৰি বছৰৰ মূৰে মূৰে পিছুৱাই আনিবলগীয়া হোৱাৰ লগতে হ্ৰাস পাইছে কৃষিভূমিৰ পৰিমাণ।

বিগত বৰ্ষসমূহৰ দৰে মহকুমাটোত বৰ্তমানো এই ধনশিৰি নদীৰ প্ৰবল গৰাখহনীয়া অব্যাহত আছে। উল্লেখ্য যে ৰাজ্য চৰকাৰে ৰাজ্যিক পুঁজিৰ অধীনত বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত নেপেৰপেট্ৰিত ধনশিৰি নদীৰ ৯৮০ মিটাৰ দৈৰ্ঘ্যৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এছঅ’পিডি আঁচনিৰ অধীনত ৭ কোটি ৫২ লাখ টকা আবণ্টন দিছিল আৰু এই কাম লাভ কৰিছে নগাঁৱৰ এছ কে এফ (জে ভি) ছৌইব খান আৰু মেছাৰ্ছ এম পি আগৰৱালাই। একেদৰে দেওপানী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ননকেবস্তি অঞ্চলটো ধনশিৰি নদীৰ ১০২ মিটাৰ দৈৰ্ঘ্যৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে এছডিআৰএফ আঁচনিৰ অধীনত ১ কোটি ১০ লাখ টকা আবণ্টন দিছিল আৰু এই কাম লাভ কৰিছে পুলিন বৰগোহাঁয়ে। তাৎপৰ্যপূৰ্ণ কথা যে বোকাজানৰ স্থানীয় বিধায়ক ডাঃ নোমল ম’মিনৰ তৎপৰতাত অনুমোদিত দুয়োখন আঁচনিৰ ধন আবণ্টিত হ’ল যদিও আজি পৰ্যন্ত ঠিকাদাৰে কামহে আৰম্ভ কৰিব নোৱাৰিলে। এতিয়া এই ভৰবাৰিষাৰ সময়ত ফেনে-ফোটোকাৰে বাঢ়ি অহা ধনশিৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম ঠিকাদাৰে কোনোপধ্যেই যে আৰম্ভ কৰিব নোৱাৰে সেয়াও নিশ্চিত।

গতিকে এইবাৰৰ বাৰিষা শাম কটাৰ পিছত আঁচনি দুখনৰ কাম সঠিক তথা বিজ্ঞানসন্মতভাৱে ৰূপায়ণ কৰিলে দুয়োখন ঠাইৰ জনসাধাৰণে ভৱিষ্যৎ বাৰিষা তথা গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাব বুলি নেপেৰপেট্ৰি আৰু ননকেবস্তিৰ স্থানীয় ৰাইজে বিধায়ক তথা ঠিকাদাৰলৈ অনুৰোধ জনাইছে। লক্ষণীয় কথা যে ধনশিৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ বিভাগীয় ঠিকাদাৰে খৰালিমহীয়া কাম কৰাৰ পৰিৱৰ্তে বাৰিষাৰ সময়ছোৱাতহে গৰাখহনীয়া প্ৰতিৰোধৰ কাম প্ৰায়ে আৰম্ভ কৰা পৰিলক্ষিত হয়। ইয়াৰ উপৰি বিভাগীয় ঠিকাদাৰে বাৰিষাৰ সময়ছোৱাত গৰাখহনীয়া প্ৰতিৰোধৰ কাম সামান্য পৰিমাণে আৰম্ভ কৰি কাম সম্পূৰ্ণ কৰা দেখুৱাই লাখ লাখ টকা উদৰস্থ কৰি অহাৰ অভিযোগো দীৰ্ঘদিনীয়া। কিয়নো তেওঁলোকে কৰা কাম বাৰিষাৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বুলি দেখুৱাই প্ৰতিবছৰে সেই কামৰ নামত পুনঃপুঁজি আবণ্টন কৰাই লাখ লাখ টকা আত্মসাৎ কৰাৰ ফন্দি পাতে বুলিও নদীকাষৰীয়া অঞ্চলৰ লোকে প্ৰায়ে অভিযোগ উত্থাপন কৰে। কাৰণ ধনশিৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ নামত জলসম্পদ বিভাগে প্ৰতিবছৰে যিখন ভেঁকো-ভাওনা পাতি আহিছে, সেয়া এতিয়া সাধাৰণ জনতাৰ বাবে সহজে বোধগম্য হয়।

ফলত ইয়াৰ কু-ফল ভোগ কৰিবলগীয়া হৈছে কেৱল নদীকাষৰীয়া অঞ্চলৰ সাধাৰণ ৰাইজে। গতিকে বিভাগীয় ঠিকাদাৰে আঁচনি দুখন যাতে সঠিকভাৱে ৰূপায়ণ কৰে আৰু কোনো ফন্দি পাতি যাতে লাখে লাখে ধন আত্মসাৎ কৰিব নোৱাৰে তাৰে ব্যৱস্থা কৰিবলৈ বিধায়কক অনুৰোধ কৰিছে স্থানীয় ৰাইজে। অন্যহাতে বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ঘঁৰিয়ালডুবি অঞ্চলতো বিগত বৰ্ষসমূহৰ দৰে এইবাৰৰ বাৰিষাতো ধনশিৰি নদীৰ গৰাখহনীয়াই কাল ৰূপ লোৱা পৰিলক্ষিত হৈছে। অঞ্চলটোৰ বাসিন্দা ক্ৰমে মুন্না সাহা, ৰাজেন্দ্ৰ মাহাতো, প্ৰভু সাহা, মহম্মদ হাবিব, চনু সোনাৰ আৰু মহম্মদ লটিবৰ ঘৰকেইটা কিছুদিনৰ পূৰ্বে খৰস্ৰোতা নদীখনৰ গৰাখহনীয়াত নদীৰ বুকুত বিলীন হৈ পৰে। পৰিয়ালকেইটাই ঘৰ-ভেটি হেৰুৱাই উপায়বিহীন হৈ স্থানীয় বিধায়ক ডাঃ নোমল ম’মিন আৰু বোকাজান মহকুমাৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তালৈ তেওঁলোকৰ পৰিয়ালকেইটাক জলসিঞ্চন বিভাগৰ কোনো সুৰক্ষিত ঠাইত অস্থায়ীভাৱে থকাৰ ব্যৱস্থা কৰি দিবলৈ পৃথকে পৃথকে একোখনকৈ আবেদন-পত্ৰ দিয়ে।

বিধায়কগৰাকীয়ে ঘটনা সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন-পত্ৰখন বোকাজানৰ মহকুমাধিপতিলৈ প্ৰেৰণ কৰাত মহকুমাধিপতিগৰাকীয়ে পি এইচ ইৰ চৌহদতে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰি দিয়ে। উল্লেখ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে স্বতন্ত্ৰভাৱে পৰিচালনা কৰা ৩০টা বিভাগৰ ভিতৰত অন্যতম এটা বিভাগ হৈছে জলসম্পদ বিভাগ। ঘঁৰিয়ালডুবি অঞ্চলৰ ধনশিৰিৰ গৰাখহনীয়াত ভুক্তভোগী ৰাইজে অতি ক্ষোভেৰে কয় যে পৰিষদৰ অধীনত বিয়াগোম জলসম্পদ বিভাগটো আছে যদিও স্বায়ত্তশাসিত পৰিষদ, বিভাগীয় কাৰ্যবাহী সদস্য,  বোকাজানৰ পৰিষদীয় সদস্য অথবা স্থানীয় বিধায়ক কোনেও অঞ্চলটোৰ গৰাখহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত আজি পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। কেৱল বোকাজান নগৰখনৰ কিছু বাট-পথৰ উন্নয়ন আৰু মহকুমাটোৰ নিৰ্দিষ্ট কিছু অঞ্চলত চৰকাৰী আঁচনিৰ ৰূপায়ণে সমগ্ৰ মহকুমাটোৰ উন্নয়ন হোৱা নুবুজায় বুলিও কটাক্ষ কৰে ভুক্তভোগী ৰাইজে।

গতিকে স্বায়ত্তশাসিত পৰিষদ, বিভাগীয় কাৰ্যবাহী সদস্য, পৰিষদীয় সদস্য তথা স্থানীয় বিধায়ক ডাঃ নোমল ম’মিনক চৰকাৰী আঁচনিসমূহৰ কিছু অংশ ঘঁৰিয়ালডুবিৰ নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ বাবেও অঞ্চলটোত ৰূপায়নণ কৰিবলৈ অনুৰোধ জনাইছে স্থানীয় ৰাইজে। উল্লেখ্য যে এক বিশেষ সূত্ৰে লাভ কৰা তথ্য অনুসৰি বোকাজান পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ডিলাওজানত ধনশিৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে নাবাৰ্ডৰ অধীনত এখন আঁচনি ৰূপায়ণৰ বাবে বিভাগীয় প্ৰস্তুতি অব্যাহত আছে বুলি জানিব পৰা গৈছে। এতিয়া ঘঁৰিয়ালডুবিৰ নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা কোন দিশে সেয়া ভৱিষ্যৎ সময়েহে নিৰ্দ্ধাৰণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *