Friday , September 25 2020
শেহতীয়া খবৰ

ধনশিৰি মহকুমাৰ সৎ প্ৰশাসনিক বিষয়া প্ৰাণজিৎ কুমাৰ দেৱৰ বিদায় সম্বৰ্ধনা 

গণ বাৰ্তা, সৰুপথাৰ, ১৫ জুলাই :-  বিগত প্ৰায় তিনি বছৰ ছমাহ কাল ধনশিৰি মহকুমাত এজন সুদক্ষ আৰু সৎ প্ৰশাসনিক বিষয়া হিচাপে সেৱা আগবঢ়াই আছিল প্ৰাণজিৎ দেৱে ।  ধনশিৰি মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ হিচাপে মহকুমাবাসীক সেৱা আগবঢ়াই আহিছিল ।তেওঁ  বৰ্তমান কাছাৰৰ ৰাজহ চক্ৰ বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে । আজি তেওঁক   বৰপথাৰ প্ৰেছ ক্লাব আৰ, বৰপথাৰ ব্যৱসায়ী সন্থা, চুতীয়া ছাত্ৰ সন্থা, ধনশিৰি মহকুমা সাংবাদিক সংস্থা, ধনশিৰি মহকুমা চাহ জনজাতি ছাত্ৰ সন্থা, ধনশিৰি মহকুমা ইলেকট্ৰনিক মেডিয়া জাৰ্নেলিষ্ট এছচিয়েছন, ধনশিৰি মহকুমা ছাত্ৰ সন্থা আদিৰ তৰফৰ পৰ বিদায় সম্বৰ্ধনা জনায়  । উল্লেখ্য যে ২০১৬ চনতে ধনশিৰি মহকুমাত যোগদান কৰাৰ পিছতেই তেওঁৰ কৰ্মদক্ষতাৰ বাবে মহকুমাবাসীৰ ওচৰত এজন সৎ প্ৰশাসনিক বিষয়া হিচাপে ৰাইজৰ মাজত জিলিকি উঠিছিল । বৰ্তমান পৰিস্থিতিত ক’ৰনা লগত হৈ থকা যুঁজখনত তেওঁ মহকুমাটোত সন্মুখৰ পৰা যুজঁ দিছিল ।. ইয়াৰ পূৰ্বে তেওঁ অসম নাগালেণ্ড সীমান্তৰ সীমান্ত দণ্ডাধীশ হিচাপে সীমান্তবৰ্তী অঞ্চলৰ ৰাইজক সেৱা আগবঢ়াই আছিল । তেওঁ মহকুমাটোৰ বিভিন্ন জেষ্ঠ নাগৰিক, সকলো সংবাদকৰ্মী, দল – সংগঠন সমূহৰ মাজত সু সম্পৰ্ক গঢ়ি কিছু ৰাজহুৱা কাম জেষ্ঠ জনৰ মত লৈহে আগবাঢ়িছিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *