Friday , September 25 2020
শেহতীয়া খবৰ

ধন দাবী, ব্লেকমেইলাৰ, প’ৰ্টেলৰ স্বয়ম্ভু সাংবাদিক জগত নেওগ অৱশেষত পৰিল আৰক্ষীৰ জালত

এগৰাকী শিক্ষয়িত্ৰীক ব্লেকমেইলিং কৰি ৩৮ টা নকল ছিল ব্যৱহাৰ কৰি পলাই আছিল চাৰিমাহ সময়

গণবাৰ্তা বিশেষ, যোৰহাট, ১ ছেপ্টেম্বৰ :  নিজকে জাতীয় সংগঠনৰ নেতা, প’ৰ্টেল বাতৰিৰ সাংবাদিক বুলি পৰিচয় দি যোৰহাটৰ বিভিন্ন ঠাইত ধনদাবী, জালিয়াতিৰ অভিযোগত অভিযুক্ত জগত নেওগক আজি পুলিবৰ থানাৰ আৰক্ষীয়ে পুৱতি নিশা বাসগৃহত শোৱাপাটীৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, শেহতীয়াকৈ দালালৰূপী জগত নেওগে এটা দৰিদ্ৰ পৰিয়ালক ব্লেকমেইলিং কৰি ২০ হাজাৰ টকা দাবী কৰিছিল । দাবী কৰা পৰিয়ালটোৰ গোচৰৰ ভিত্তিত ভুৱা সাংবাদিকটোক পুলিবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । প্ৰাপ্ত তথ্য অনুসৰি, পুলিবৰ থানাৰ অন্তৰ্গত টেকেলা গাঁৱৰ ধ্ৰুৱজ্যোতি নেওগ নামৰ ব্যক্তিজনৰ লগত একে অঞ্চলৰ ৰিংকু বৰাৰ লগত এক কাজিয়া হয় হয় যোৱা ১৬ আগষ্টত । কাজিয়াৰ ফলত ধ্ৰুৱজ্যোতিক মাৰপিত কৰে ৰিংকুৱে । ইয়াৰ পাছতে ধ্ৰুৱজ্যোতিৰ পত্নী জীতামনিয়ে পুলিবৰ থানাত এক গোচৰ তৰে । আৰক্ষীয়ে তদন্ত চলাই থকাৰ মাজতে জগত নেওগ নামৰ স্বয়ম্ভু সাংবাদিকজনে গোচৰটো মীমাংসা কৰি দিয়াৰ নামত জীতামনিক ২০ হাজাৰ টকাৰ ধন দাবী কৰে । যোৱা ১৯ আগষ্টত জগত নেওগ জীতিমনিৰ ঘৰলৈ আহি পুনৰ ২০ হাজাৰ টকা দাবী কৰে আৰু টকা নিদিলে জীতামনিৰ স্বামীক আৰক্ষী লগাই জেলভাত খোৱাব আৰু বাতৰি চেনেলত ওলাব বুলি ভয় ভাবুকি দিয়ে । টেকেলা গাঁৱৰ সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ জীতামনি নেওগে এই সমস্ত ঘটনা যোৰহাটৰ আৰক্ষী অধীক্ষকক অৱগত কৰাৰ লগতে লিখিতভাৱে জনায় । ইয়াৰ পাছতে পুলিবৰ থানাই তদন্ত কৰি প্ৰকৃত ঘটনা উদ্ঘাটন কৰে । পুলিবৰ থানাৰ অ’ চি ৰুবুল আলীৰ নেতৃত্বত যোৱা এটা দলে আজি পুৱতি নিশা জগত নেওগক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে, টেকেলা গাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীক ব্লেকমেইলিং কৰি প্ৰায় চাৰি মাহ দিন আৰক্ষীৰ পৰা পলাই ফুৰি উচ্চ ন্যায়ালয়ৰ পৰা জামিন লৈ মুকলিকৈ ঘূৰিবলৈ লৈছিল হে যদিও ইয়াৰ পিছতো ক্ষান্ত নাথাকি পুনৰ ধনদাবী কৰিবলৈ লাগিল স্বয়ম্ভু সাংবাদিক জগত নেওগ । ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ৪১৯/৫০০/৫০৮ ধাৰাত এটা গোচৰ চলিয়েই আছে । লক্ষণীয় যে, সেই গোচৰত পুলিবৰ আৰক্ষীয়ে জগত নেওগৰ ঘৰত অভিযান চলাই ৩৮ টা নকল ছিল মোহৰ উদ্ধাৰ কৰিছিল । অসমৰ প্ৰশাসনীয় বিষয়া, বেংক, সংগঠন আদিৰ নামত নকল ছিল ব্যৱহাৰ কৰিছিল । অৱশ্যে সেই সময়ত যোৰহাট আৰক্ষীক ধনেৰে মেনেজ কৰি জগত নেওগ সাৰি যোৱা বুলি অভিযোগ উঠিছিল । জগত নেওগক শেহতীয়াকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত আদৰণি জনাইছে যোৰহাটৰ সচেতন মহলে । যোৰহাটত ব্লেকমেইলিং, ধনদাবী, স্বয়ম্ভু সাংবাদিকৰ নাম লৈ বহুবোৰ দুষ্কাৰ্য সংঘটিত কৰি আহিছে । পুলিবৰ আৰক্ষীয়ে আজি ৩৫৪/২০ নং গোচৰত ভাৰতীয় দণ্ডবিধিৰ ১২০-বি /৩৮৭/৫০৬ ধাৰাত গোচৰ পঞ্জীয়ন কৰি জেললৈ প্ৰেৰণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *