Monday , August 10 2020
শেহতীয়া খবৰ

ধমধমাত খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিআৰক্ষীৰ লাঠি চালনা

গণ অধিকাৰ, ধমধমাঃ বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী ‌কৰোনা ভাইৰাছৰ আতংকই যেন ধমধমা অঞ্চল সম্পূৰ্ণৰূপে বন্ধ কৰি তুলিছে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান  জনোৱা সমগ্ৰ দেশতে ২১ দিনীয়া লকডাউন কাৰ্যসূচী ধমধমাবাসী ৰাইজে সহাৰি জনালে।

লকডাউন মাজতে একাংশ লোকে গাঁৱৰ পথত বাঁহ বান্ধি গাঁৱৰ ভিতৰলৈ বাহিৰা মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰি দিছে। অঞ্চলটোৰ গেলামাল দোকানৰ এতিয়া  বস্তুৰ দামে যেন সৰ্বসাধাৰণ মানুহৰ মাজত হাহাকাৰৰ সৃষ্টি কৰিছে।

একাংশ অসাধু ব্যৱসায়ীয়ে  বস্তু বহুতো দামত বিক্ৰী  কৰিছে । নিতৌ ব্যৱহাৰ্য সামগ্ৰী বিস্কুট, চয়াবিন , শাক-পাচলি আদি সামগ্ৰীৰে লকডাউন মাজতে  ধমধমাত কিছুমান ঠাইত জোৱাৰ আড্ডা চলিছে। আৰক্ষী সকলে আইন অমান্য কৰা লোকৰ ওপৰত লাঠি চলনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *