Monday , September 21 2020
শেহতীয়া খবৰ

ধমুহাত ক্ষতিগ্ৰস্ত লোকক শ্ৰীৰাম গাঁও পঞ্চায়তৰ টিঙপাট প্ৰদান

গণ বাৰ্তা মাজুলী  , ২১ জুলাই :  উজনি মাজুলী উন্নয়ন খণ্ডৰ অন্তৰ্গত শ্ৰীৰাম গাঁও পঞ্চায়তত আজি টিঙপাট প্ৰদান কৰা হয় ৷ আজিৰ পৰা কেইদিনমান পূৰ্বে ৰাঙলীবাহাৰ গাঁৱৰ নিৱাসী দত্ত দাসৰ ঘৰত এদাল গছ পৰাত ঘৰটো সম্পূৰ্ণ ৰূপে তচ- নচ হয় ৷ এই দুখিয়া লোক জনৰ ঘৰত শ্ৰীৰাম গাঁও পঞ্চায়তৰ সভাপতি ৰমেশ বৰুৱা উপস্থিত হৈ দুখিয়া পৰিয়ালটোৰ খবৰ লোৱৰ লগতে পৰিয়ালটোক কিছু সহায় কৰাৰ কথা উল্লেখ কৰে ৷ এই উপলক্ষেই আজি শ্ৰীৰাম গাঁও পঞ্চায়তত দত্ত দাসক গৃহ নিৰ্মাণৰ বাবে  টিঙপাট প্ৰদান কৰে ৷ কভিড ১৯ আৰু লকডাউনৰ বাবে আৰ্থিক ভাৱে  জুৰুল  হৈ পৰা এই দুখিয়া লোক জনে আজি টিঙপাট লাভ কৰি উৎফুল্লিত হৈ পৰাৰ লগতে পঞ্চায়ত সভাপতিৰ এই মহানুভৱতাৰ শলাগ লৈছে ৷ আজিৰ এই টিঙপাট প্ৰদান অনুষ্ঠানত পঞ্চায়ত সচিব , পঞ্চায়ত ৰ অভিযন্ত্ৰা, কেইবাজনো ৱাড সদস্যাকে ধৰি পঞ্চায়ত খনৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *