Monday , September 21 2020
শেহতীয়া খবৰ

ধানৰ ভঁৰালখ্যাত তিতাবৰত এইবাৰ কমিব ধানৰ উৎপাদন, ৰাসায়নিক সাৰৰ বৃহৎ ছিণ্ডিকেটৰাজ

গণবাৰ্তা তিতাবৰ :  ধানৰ ভঁৰালখ্যাত তিতাবৰ মহকুমাৰ বৰহোলা,বেকাজান, বগাৰগাওঁ, কচুখাট, ৰঙাজান,ৰাইডাংজুৰি,বচা, ইকৰাণী, ভুলুকীচুক,বেপাৰীচুক,মাধপুৰ,বান্দৰচলিয়া আদি অঞ্চলত আগন্তুক সময়ত ধানৰ উৎপাদন হ্ৰাস পোৱাৰ সম্ভাৱনাই দেখা দিছে। সততে প্ৰচুৰ পৰিমাণে ধান উৎপাদন হোৱা বৃহত্তৰ বৰহোলাকে আদি কৰি তিতাবৰ বহু অঞ্চলৰ অধিকাংশ কৃষক ৰাইজেই এইবাৰ শালি ধানৰ খেতিত প্ৰয়োগ কৰিব পৰা নাই প্ৰয়োজনীয় ৰাসায়নিক সাৰ। অভিযোগ মতে চৰকাৰী ভাবে অনুমতি প্ৰাপ্ত ৰাসায়নিক সাৰ ব্যৱসায়ীয়ে চলিত বৰ্ষত কৃত্ৰিম নাটনিৰ সৃষ্টি কৰি অত্যাধিক মূল্য বৃদ্ধি কৰাত সবসাধাৰণ কৃষক ৰাইজে সাৰ ক্ৰয় কৰিব পৰা নাই। ফলত কৃষক ৰাইজৰ নাজল‌ নাথল অৱস্থাৰ সৃষ্টি হৈছে। বৃহত্তৰ বৰহোলা‌ অঞ্চলৰ লগতে বেকাজান ‌, নগাবাট , ৰাইডাংজুৰি , বচা , মাধপুৰ  , ৰঙাজান  , কচুখাট  , ভুলুকীচুক   , বেপাৰীচুক  , বান্দৰচলিয়া আদি অঞ্চলৰ একাংশ  কৃষক  ৰাইজে  ধানখেতিত  অত্যধিক  মূল্যৰ সাৰ ক্ৰয়  কৰি  আনি  প্ৰয়োগ  কৰিব নোৱাৰাৰ হেতু ধানৰ পযাপ্ত  উন্নতি সাধন  হোৱা  নাই  বুলি  জানিব  পৰা গৈছে । অঞ্চলটোৰ  কৃষক  ৰাইজৰ  অভিযোগ মতে  ধান  খেতি  কৰাত  কৃষক  ৰাইজক কৃষি বিভাগৰ  পৰা  কোনো  ধৰণৰ  সহায় – সহযোগিতা আগবঢ়োৱা   নাই  । আনহাতে  কৃষি বিভাগৰ  বিভিন্ন  অভিলাষী আঁচনিসমূহেও  তেওঁলোকক  স্পৰ্শই  কৰা  নাই  । মূলত  যোৰহাট জিলা  কৃষি  বিভাগৰ  চুড়ান্ত  গাফিলতি   আৰু  জিলা  প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই  তিতাবৰ,  ঠেঙাল  আমগুৰি খৰিকটীয়া  , বৰহোলা  আদি  মৌজাত ইউৰিয়া  সাৰক  লৈ  এটা  ছিণ্ডিকেট  চক্ৰ  গঢ়  লৈ উঠিছে ।উক্ত  অসাধু চক্ৰই  বৃহত্তৰ  বৰহোলাত  শেহতীয়াকৈ  সাৰবিধ  কৃত্ৰিম  নাটনিৰ  সৃষ্টি কৰি অধিক দৰত বিক্ৰী  কৰি  সাধাৰণ  কৃষকৰ  মূৰত  মাধমাৰ  শোধাইছে  । তথ্য  মতে  প্ৰতিবেগ  ইউৰিয়াৰ  (মুক্তা  ) মূল্য  (পুৰণি  ৫০ কেজি  পেকেট  ) ২৯৫.৪৭ টকা  (নতুন  ৪৫ কেজি  পেকেট  ) ২৬৬. ৮০ টকাৰ  বিপৰীতে  বৰহোলাৰ  অসাধু ব্যৱসায়ীয়ে ৪৫০ টকালৈকে  পাইকাৰী  মূল্যত  বিক্ৰী কৰি থকাৰ  অভিযোগ উঠিছে । ফলত প্ৰতিবেগ  ইউৰিয়া  খুচুৰাকৈ  ৫০০ টকাৰো অধিক মূল্যত ক্ৰয়  কৰিব লগীয়া  হৈছে । কৃষকসকলে  । প্ৰাপ্ত  তথ্য মতে,  বৰহোলা অঞ্চলৰ সাৰ যোগান  ধৰা বৃহৎ প্ৰতিষ্ঠান  এটাৰ  মুৰব্বী জনৈক  কিষাণলাল  নামৰ  ব্যৱসায়ীজনে  ৰাইজক ৰাসায়নিক  সাৰ  ইউৰিয়াৰ  কৃত্ৰিম  নাটনি দেখুৱাই  ক’লা বজাৰৰ  পৰা  সাৰ কিনিবলৈ বাধ্য  হৈ আহিছে । ব্যক্তিজনে  জিলা  প্ৰশাসন আৰু  কৃষি  নিষ্কিয়তাৰ পূৰ্ণ  সুযোগ গ্ৰহণ  কৰি  ৰাসায়নিক  সাৰ  যোগানত  নামত মৌজাটোৰ  সাধাৰণ  কৃষকক  শোষণ  কৰিছে  । অভিযোগ অনুসৰি ছিণ্ডিকেট  চক্ৰই  খেতিয়ক  ৰাইজৰ  বাবে  আবণ্টিত ৰাসায়নিক সাৰ দুদিনমান  গুদামত  ৰাখিয়েই পোনে  পোনে  উজনিৰ  ডাঙৰ  চাহ  বাগিচাসমূহলৈ  প্ৰেৰণ  কৰে  । ফলত  সাৰ  লাভৰ পৰা    সাধাৰণ খেতিয়কসকল  বঞ্চিত  হৈ  ক’লা  বেপাৰীৰ  হাতোৰাত  বন্দী  হ’ব লগা হৈছে । প্ৰতি ৫০ কিলোগ্ৰাম ওজনৰ  ইউৰিয়াৰ বেগৰ  চৰকাৰী  মূল্য  ২৬৫ -২৯৫ টকাৰ  বিপৰীতে  কৃষকে  ৪৫০ -৫০০ টকা  আৰু  ৭৫০ টকীয়া  এম অ’ পিৰ বেগত  ৯৭০ টকা ভৰিব লগীয়া  হৈছে । সাৰৰ কৃত্ৰিম  নাটনিয়ে  মূল্যবৃদ্ধি  কৰাৰ  বাবেই  কৃষক  ৰাইজে  ধানখেতিত সাৰ  দিব  নোৱাৰি  গভীৰ  সংকটত  পৰিছে  । সেই  বাবে  ভুক্তভোগী  কৃষক  ৰাইজে  সাৰৰ ছিণ্ডিকেট চক্ৰক উৎখাত  কৰি  সাৰৰ  কৃত্ৰিম  নাটনি কৰিবলৈ  এক  উচিত  তদন্ত  কৰি ক’লা  বজাৰ  গঢ়ি  তোলা  দোষী  ব্যৱসায়ীৰ  ওপৰত  বিহিত  ব্যৱস্থা ল’বলৈ জিলা  উপায়ুক্ত  আৰু  কৃষি  মন্ত্ৰী  অতুল বৰাক  আহবান  জনাইছে  ।  ( তিতাবৰৰ পৰা ৰাতুল বৰা )

Leave a Reply

Your email address will not be published. Required fields are marked *