Friday , September 25 2020
শেহতীয়া খবৰ

ধুবুৰীৰ কৰেনটাইন চেণ্টাৰত অঘটন, এজনৰ আত্মহত্যা : নিহত ব্যক্তিজনৰ কোৰোনাৰ ফলাফল আছিল নেগেটিভ

গণ বাৰ্তা বিশেষ, ধুবুৰী, ২২ জুন :  ধুবুৰীৰ কোৱাৰেণ্টাইন চেণ্টাৰত অঘটন। ৰহস্যজনকভাৱে চিপজৰী লৈ এজনে আত্মহত্যা কৰাৰ ঘটনাই সৃষ্টি কৰিছে বহু ৰহস্য। নিহত  ব্যক্তিজনৰ কোৰোনাৰ ফলাফল আছিল নিগেটিভ। প্ৰাপ্ত বাতৰি মতে ধুবুৰীৰ বিদ্যাপাৰা ডঃ জাকিৰ হুছেইন ৰোড, ৭ নং ৱাৰ্ডত অৱস্থিত ‘আজিজ লজ’ৰ কোৱাৰেণ্টাইন চেণ্টাৰত আজি সংঘটিত হয় এক ৰহস্যজনক আত্মহত্যাৰ ঘটনা। শিলিগুড়িৰ পৰা অহা সুনীল ৰয় নামৰ (৪০) বছৰীয়া ব্যক্তি এজনে প্ৰথমতে ১২ জুনত অসম- পশ্চিমবংগ  আন্তঃৰাজ্য সীমান্ত  ছাগলীয়াৰে অসমত প্ৰৱেশ কৰাত, ছাগলীয়া কোৱাৰেণ্টাইন চেণ্টাৰত ১৮ জুনলৈকে আছিল। তাৰ পাছতেই ব্যক্তিগৰাকীক হোম কোৱাৰেণ্টাইন দিয়া হৈছিল যদিও ধুবুৰীৰ ১৫ নম্বৰ ৱাৰ্ডৰ ৰাম কৃষ্ণ মিছন ৰোডত  নিজ আত্মীয়ৰ ঘৰত (ভাৰাঘৰত) সোমাবলৈ নিদিয়াৰ বাবেই জিলা প্ৰশাসনৰে যোগাযোগ কৰাত প্ৰশাসনে ‘আজিজ লজ’তেই কোৱাৰেণ্টাইন কৰে ১৯ জুনৰ দিনা। ইপিনে আজি ৰহস্যজনকভাৱে ব্যক্তিগৰাকী চিপজৰী লৈ লজৰ কোঠালিতেই আত্মহত্যা কৰে ব্যক্তিজনে। ব্যক্তিগৰাকীৰ স্বাব টেষ্টৰ ফলাফল নিগেটিভ অহা বুলিও নিশ্চিত কৰিছে জিলা প্ৰশাসনে। উল্লেখ্য যে ব্যক্তিগৰাকী শিলিগুড়িৰ এখন ব্যক্তিগত কোম্পানীত ছিকিউৰিটী গাৰ্ড হিচাবে কৰ্মৰত আছিল। আৰু লকডাউনৰ মাজতেই ধুবুৰীৰ নিজ ঘৰলৈ বুলি ওলাই আহিছিল। অৱশ্যে মৃত্যুৰ সময়ত এটি ৫ বছৰীয়া নাবালক শিশু আৰু পত্নীক এৰি থৈ যায় ব্যক্তিজেন। ব্যক্তিগৰাকীৰ মৃত্যুৰ সময়ত তেওঁৰ পৰিয়াল (পুত্ৰ আৰু পত্নী) পশ্চিমবংগৰ বক্সিৰহাটত আছে বুলিও জানিবলৈ দিয়ে ধুবুৰীৰ চক্ৰ বিষয়াই। আনহাতে স্বাব টেষ্টৰ ফলাফল নিগেটিভ বুলি জনাৰ পাছতো ব্যক্তিগৰাকী কিয় আত্মহত্যাৰ পথ বাছি লয় সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। ইপিনে মৃতদেহটো জিলা প্ৰশাসনে লজৰ পৰা ওলাই মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *