শেহতীয়া খবৰ

ধুবুৰী জিলাৰ ৮৮১ নমুনাৰ ভিতৰত ৪৪৪ টা নেগেটিভঃ ফলাফল বাকী আছে ৪৩২ টা নমুনাৰ

ছাগলীয়াত ২৩,৬৪৭ জনৰ স্ক্ৰিনিং টেষ্টঃ১২০৬ খন গাড়ীৰে ২১,৭৪৯ লোক ধুবুৰীলৈ

দৈনিক গণঅধিকৰ,ধুবুৰীঃ ধুবুৰী জিলা খনত এতিয়ালৈকে পাঁচজনকৈ লোক কোভিড-১৯ ত আক্ৰান্ত হৈছিল যদিওঁ ইয়াৰে চাৰিজন আৰোগ্য লাভ কৰাৰ ফলত ধুবুৰীৰ প্ৰশান্তি লজত চৈধ্য দিনৰ বাবে কোৱাৰেণ্টাইন কৰি ৰখা হৈছে। ইয়াৰ বিপৰীতে ধুবুৰী জিলা খনৰ মাত্ৰ এজন লোক বৰ্তমান এম এম চি এইচত চিকিৎসাধীন অৱস্থাত আছে। ইপিনে ধুবুৰী জিলা স্বাস্থ্য আৰু যুটীয়া সঞ্চালক ডাঃ এছ এম ইমদাদ উল্লাই এই কথা সদৰি কৰি লগতে কয়ঃ যোৱাকালি লৈকে ধুবুৰী জিলা খনৰ পৰা মুঠ ৮৮১ টা নমুনা পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে যদিওঁ ইয়াৰে ৫ টা পজিটিভ হোৱাৰ বিপৰীতে ৪৪৪ টা নমুনাৰ ফলাফল নেগেটিভ ওলাইছে।

আনহাতে এতিয়ালৈকে ৪৩২ টা নমুনাৰ ফলাফল বাকী আছে বুলি জনায় যুটীয়া সঞ্চালক গৰাকীয়ে। ইপিনে আজি নতুনকৈ ৪২ টা নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। লগতে জিলা খনৰ পৰা ১৬০ টা ৰেণ্ডম টেষ্টৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল যদিওঁ এতিয়ালৈকে সেই ফলাফল ওলোৱা নাই বুলিও সদৰি কৰে যুটীয়া সঞ্চালক গৰাকীয়ে। ইপিনে জিলা খনত যোৱা কালিলৈকে ৪০৪২ গৰাকীক হোম কোৱাৰেণ্টাইন কৰাৰ বিপৰীতে অসম বংগ সীমান্তৰ ছাগলীয়াত যোৱাকালি লৈকে মুঠ ২৩,৬৪৭ জনৰ স্ক্ৰিনিং টেষ্ট কৰা হয় বুলি স্বাস্থ্য বিভাগৰ ফালৰ পৰা জনাইছে।

আনহাতে ৰাজ্য চৰকাৰে আবদ্ধ হৈ থকা লোক সকলৰ বাবে যোৱা ২৫ এপ্ৰিলৰ পৰা আন্তঃজিলা যাতায়তৰ এক সুকীয়া ব্যৱস্থা কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আবদ্ধ হৈ থকা ধুবুৰী জিলাৰ মুঠ ২১,৭৪৯ জন লোক আজিলৈকে গৃহ জিলাত উপস্থিত হৈ ঘৰলৈ যাবলৈ সক্ষম হৈছে। ৰাজ্যৰ ৩২ খন জিলাৰ পৰা ১২০৬ খন গাড়ীৰে উল্লেখিত লোক সকল ধুবুৰী জিলাত পৰিৱেশৰ লগে লগে বহলপুৰত আটাইকেজনৰ স্বাস্থ্য পৰীক্ষা কৰি ঘৰলৈ যাবলৈ অনুমতি দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *