Wednesday , September 23 2020
শেহতীয়া খবৰ

ধেমাজিত দুই যুৱকৰ সলিল সমাধি           

ধেমাজি , ২৩ আগষ্ট : লকডাউনত   নগৰ এলেকা বন্ধ থকাৰ বাবে উৎকট গৰমত  ধেমাজিৰ  জীয়াঢল মুখত বন্ধুৰ সৈতে নৈ সাঁতুৰিবলে গৈ উঁটি গ’ল ধেমাজিৰ দুই যুৱক ৷ বাৰিষা ধেমাজিত তাণ্ডৱ চলোৱা জীয়াঢল নৈ শনিবাৰে বিয়লি ভাগলৈ হঠাৎ বাঢ়ি অাহিল ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জীয়াঢল নৈৰ উৎপত্তিস্থল জীয়াঢল মুখলৈ প্ৰায়ে যায় দাঁতি কাষৰীয়া লোক সকল ৷ শনিবাৰেও ধেমাজি নগৰৰ জীয়াঢল মুখলৈ যোৱা চাৰিজন বন্ধুৰ দুজন উঁটি গ’ল জীয়াঢলৰ সোঁতত ৷ কৰোনাৰ সময়ত ধেমাজিৰ ৰতনপুৰৰ ঘৰত থকা দিল্লীত কৰ্মৰত ২৫ বছৰীয়া অৰিন্দ্ৰম বৰুৱা আৰু নেহুত অধ্যয়নৰত ধেমাজি নগৰৰ কাড়িচুকৰ ২৪ বছৰীয়া ভূপেন্দ্ৰ নৰহ নামৰ দুজন যুৱক জীয়াঢলৰ সোঁতত উঁটি যায় ৷ SDRF য়ে অনুসন্ধান অব্যাহত ৰাখিছে যদিও সন্ধান পোৱা দুই যুৱকৰ ৷

( ধেমাজিৰ পৰা জ্যোতিৰঞ্জন গগৈ )

Leave a Reply

Your email address will not be published. Required fields are marked *