শেহতীয়া খবৰ

      ধোৱাচাঙত সামাজিক দূৰত্বঃ মঙলদৈ নিয়োগ বিনিময় কেন্দ্ৰত নাম পঞ্জীয়নৰ বাবে যুৱক-যুৱতীৰ হেতা-ওপৰা 

ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ২৯ জুন ঃ মাৰাত্মক কোৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে গুৱাহাটীত ১৪ দিনীয়া লকডাউন চলি থকাৰ সমান্তৰালকৈ দৰং জিলাৰ লগতে সমগ্ৰ ৰাজ্যখনতে সপ্তাহৰ প্ৰতি শনি আৰু দেওবাৰে চৰকাৰে নগৰীয়া এলেকাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ উপৰি সকলো লোককে বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰিবলৈ আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ সময়তে আজি দৰঙৰ মঙলদৈত দেখা পোৱা গ’ল এখন বিপৰীত ছবি। চৰকাৰী নীতি-নিৰ্দেশনালৈকে ভ্ৰূক্ষেপ নাই কাৰোৰে । মঙলদৈ নগৰৰ মাজমজিয়াত থকা মঙলদৈ নিয়োগ বিনিময় কেন্দ্ৰত আজি নাম পঞ্জীয়ন কৰিবলৈ আহি কাৰ্যালয়টোত ভিৰ কৰেহি বহু যুৱক-যুৱতীয়ে । যুৱক-যুৱতীসকলে কাৰ্যালয়টোৰ বাৰাণ্ডাত বহি ইজনে-সিজনৰ গাতে গা লগাই প্ৰ-পত্ৰ পূৰণ কৰা দৃষ্টিগোচৰ হৈছে । তদুপৰি শাৰী পাতি থিয় হোৱাৰ সময়তো নাই কোনো সামাজিক বা শাৰীৰিক দূৰত্ব। ইজনে-সিজনৰ গাতে গা লাগি থিয় হোৱা বা জুম বান্ধি কথা-বতৰা পাতি থকা দৃষ্টিগোচৰ হৈছে । এই সন্দৰ্ভত কাৰ্যালয়টোৰ এগৰাকী কৰ্মচাৰীৰ পৰা জানিব বিচৰাত তেওঁ কয় যে যুৱক-যুৱতীসকলক বাৰম্বাৰ কোৱাৰ পাছতো তেওঁলোকে কোনো গুৰুত্ব আৰোপ নকৰে। ইপিনে কেইদিনমান আৰক্ষীৰ জৰিয়তে এই ভিৰ নিয়ন্ত্ৰণ কৰা হৈছিল যদিও বিগত কিছুদিন আৰক্ষী নথকাৰ সুযোগ লৈ যুৱক-যুৱতীসকলে এইদৰে চৰকাৰী নীতি-নিৰ্দেশনা উলংঘা কৰা পৰিলক্ষিত হৈছে । ইপিনে কাৰ্যালয়টোৰ সন্মুখত নাই কোনো  ছেনিটাইজাৰৰ  ব্যৱস্থা । এনে পৰিস্থিতিত চৰকাৰী ঘোষণা অসাৰ প্ৰতিপন্ন হৈছে । ইপিনে জিলাখনত গণ সংক্ৰমণৰ আশংকা কৰি জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগে ব্যাপক সতৰ্কতা অৱলম্বন কৰিছে যদিও এই পৰ্যন্ত ৰাইজ সজাগ নোহোৱাত পৰিস্থিতি জটিল হৈ পৰাৰ আশংকা ঘনীভূত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *