
গণ বাৰ্তা, শিৱসাগৰ, ১২ এপ্ৰিলঃ ৰাজ্যৰ অন্যতম সাংস্কৃতিক গোষ্ঠী লাইট কেমেৰা এক্সন আৰু জনপ্ৰিয় ইউটিউব চেনেল ধ্বনি মিউজিক’ৰ বেনাৰত শণিবাৰে শিৱসাগৰত মুক্তি দিয়া হয় অসমীয়া চুটি ছবি “বহাগী” আৰু ৱেব ছবি “বৰুৱা মাষ্টৰৰ জীয়েক”শিৱসাগৰ নাট্য মন্দিৰত সমাজ কৰ্মী নৱ গগৈ, বিশিষ্ট মডেল নিশিতা গগৈ শৰ্মা আৰু কন্ঠশিল্পী মাধৱ ৰঞ্জন উপস্থিত থকা ছবি দুখনৰ শুভ মুক্তি অনুষ্ঠানৰ উদ্বোধন কৰে আটাছুৰ কেন্দ্ৰীয় উপ-সভাপতি বসন্ত গগৈয়ে ।আক্ৰাম হুছেইনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাত নিৰ্মিত ছবি দুখনত অভিনয় কৰিছে ক্ৰমে গৌতম দত্ত ফুকন, ইমদাদ আলি, সীমান্ত বৰুৱা, স্বপ্না গোহাঁই, নাং প্ৰয়াসী আৰু শিশুশিল্পী অংকিতা গগৈ, শ্ৰুতি নেওগকে ধৰি কেইবাগৰাকীও ন-পুৰণি শিল্পীয়ে ।উদিয়মান অভিনেত্ৰী জংকী জ্যোতিপ্ৰিয়া গগৈয়ে আতধৰা শুভ মুক্তি অনুষ্ঠানত যথেষ্ট সংখ্যক শুভাকাংশী দৰ্শক উপস্থিত থাকে ।Attachments area