
ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ মে’: চৰকাৰ গঠন কৰিব বুলি স্বপ®ত বিভোৰ হৈ পৰা কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁট সম্পূৰ্ণৰূপে ধূলিসাৎ হ’ল। বিজেপিৰ ঢৌত উটি-ভাহি গ’ল মহাজোঁট। লক্ষণীয়ভাৱে চাৰিবাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু প্ৰমীলাৰাণী ব্ৰহ্ম ৰণত পৰিল। ইউ পি পি এলৰ হাতত ধৰাশায়ী হ’ল দুই মন্ত্ৰী। মন্ত্ৰী তথা পূব কোকৰাঝাৰ সমষ্টিৰ পাঁচবাৰৰ বিধায়িকা প্ৰমীলাৰাণী ব্ৰহ্মই ইউ পি পি এলৰ প্ৰাৰ্থী লৰেন্স ইছলাৰীৰ হাতত ধৰাশায়ী হয়। একেদৰে তিনিবাৰৰ মন্ত্ৰী চন্দন ব্ৰহ্মই ছিদলী সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হাতত পৰাজয়বৰণ কৰে। আশা কৰাৰ দৰে হাগ্ৰামা নেতৃত্বাধীন বিপিএফে ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল। অতি পৰিতাপৰ বিষয় যে কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা নিজ সমষ্টিতেই সম্পূৰ্ণৰূপে ধৰাশায়ী হয়। বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাৰ হাতত ৰিপুন বৰাই ২০ হাজাৰ ভোটৰ ব্যৱধানত মুখথেকেচা খাবলগীয়া হয়।