Thursday , August 13 2020
শেহতীয়া খবৰ

ধৰ্মপুৰত বান সাহায্য বিতৰণক লৈ নিকৃষ্ট ৰাজনীতিৰ অভিযোগঃ  ৰাজপথ-দলংত আশ্ৰয় লৈছে বৰ্ণাত্যই 

সাহায্য প্ৰদানত বিলম্ব ! মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ বিৰুদ্ধে বানাক্ৰান্তৰ ক্ষোভ

ষ্টাফ ৰিপ’ৰ্টাৰ,নলবাৰীঃ ৰাজ্যৰ শেহতীয়া বানে ধৰ্মপুৰ সমষ্টিৰ পশ্চিম নলবাৰী অঞ্চলৰ কে’বাখনো গাৱঁৰ জনগনক বিপৰ্যস্ত কৰি তুলিছে। সমষ্টিটোৰ মাজেৰে যোৱা বুঢ়াদিয়া নৈৰ বাঢ়নি পানীয়ে কেবাঠাইতো নৈখনৰ ভগ্ন মথাউৰিৰে হোৰাহোৰে পানী সোমাই বিলাই বিপত্তি নোহোৱা কৰিছে ৰাইজৰ।এবাৰ দুবাৰ নহয় চাৰিবাৰকৈ বানপানীয়ে প্লাবিত কৰিলে সমষ্টিটোৰ বহু অঞ্চলত।অন্ন,পশু খাদ্যৰ অভাৱত হাজাৰ হাজাৰ বৰ্ন্যাত্যই হাহাকাৰ কৰি ফুৰিব লগা হৈছে। সমষ্টিটোৰ খেলুৱা, বৰবিলা, শোলমাৰা,শুকেকুছি,কঠলা,ধনতোলা,ঘিলাজাৰি আদি অঞ্চলৰ বৰ্ন্যাত্যই আশ্ৰয় শিবিৰ হিচাপে বিদ্যালয়,বজাৰ গৃহ আদিত আশ্ৰয় গ্ৰহন কৰাৰ বিপৰীতে আন একাংশই আকৌ ৰাজপথ, দলঙৰ ওপৰতেই কদৰ্যময় পৰিবেশত আশ্ৰয় গ্ৰহন কৰিব লগা হৈছে।এনে পৰিস্থিতিৰ পিছতো স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বৰ্ন্যাত্যৰ কাষত থিয় দিয়াৰ আহৰি নহোৱাত বানপীড়িত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে।সমষ্টিটোৰ বহু বানপীড়িতই বান সাহাৰ্য নপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।অভিযোগ মতে, চৰকাৰী এনে বান সাহাৰ্যকলৈ সমষ্টিটোৰ একাংশ বিজেপি কৰ্মীয়ে ৰাজনীতি কৰাকলৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।  প্ৰাপ্ত তথ্য মতে, সমষ্টিটোৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ১৮ খন গাওঁ আৰু ৭৩.৫ হেক্টৰ কৃষি ভূমি বিধ্বস্ত হৈ পৰিছে। পশ্চিম নলবাৰী ৰাজহ চক্ৰত শোলমাৰা বজাৰ কমিটী গৃহ আৰু শোলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটা আশ্ৰয় শিবিৰ খোলা হৈছে আৰু আশ্ৰয় শিবিৰত কালি ৮৩৩ গৰাকী লোকে আশ্ৰয় লয়। এই তথ্য নলবাৰী জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। ইপিনে,সমষ্টিটোৰ বানপীড়িতৰ সংখ্যাকলৈ জিলা প্ৰশাসনে তথ্য গাপ দিয়াৰ অভিযোগ পোহৰলৈ আহিছে। জিলা প্ৰশাসনে কালি শোলমাৰাৰ দুটা শিবিৰত বানপীড়িতই আশ্ৰয় লোৱাৰ তথ্য প্ৰকাশ কৰিছে যদিও সমষ্টিটোৰ খেলুৱা আদি অঞ্চলত আশ্ৰয় লোৱাৰ তথ্য প্ৰকাশ কৰাত বিৰত থাকে প্ৰশাসনে।খেলুৱাৰ এল পি স্কুল, দাহুদী এল পি স্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহন কৰাৰ বিপৰীতে   আন একাংশই নলবাৰী-পল্লা পথকে ধৰি ধনেৰী-মনেৰিৰ পকী  দলঙৰ ওপৰতো আশ্ৰয় গ্ৰহন কৰি আছে বানপীড়িতই। বিগত ছয়দিন ধৰি বহু পৰিয়ালে এতিয়াও আছে বান পানীৰ মাজত। বানৰ ফলত খেতিয়কসকলে মূৰে-কপালে হাত দিৱ লগা অৱস্থাৰ সৃষ্টি হৈছে।।

Leave a Reply

Your email address will not be published. Required fields are marked *