Home স্থানীয় নকছাৰি আছুৰ উদ্যোগত মাক্স বিতৰণ

নকছাৰি আছুৰ উদ্যোগত মাক্স বিতৰণ

31
0

গণ বাৰ্তা, নকছাৰি, ১০ মে : কোৰোনা   মহামাৰীয়ে সমগ্ৰ বিশ্বতে যি ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে মৰিয়নীৰ নকছাৰিত আছুৰ উদ্যোগত দেৱেৰাপাৰ চাৰিআলিৰ মাজমজিয়াত যি সকল লোকে মাক্স পৰিধান কৰা নাই সজাগতা সৃষ্টিৰ বাবে আছুৱে মাক্স বিতৰণ কৰে।মাক্স বিতৰণ কাৰ্য্যসূচীত দেবেৰাপাৰ আৰক্ষী প্ৰশাসনৰ লোক আৰু দেৱেৰাপাৰ চাৰিআলি ব্যৱসায় সমিতিয়ে সহযোগিতা আগবঢ়ায়। এই কাৰ্য্যসূচীৰ জৰিয়তে বহু লোকক মাক্স বিতৰণ কৰে।সকলোকে সজাগ ,সচেতন হৈ থাকিবলৈ নকছাৰি আছুৱে আহ্বান জনায়।কায্যসূচীত উপস্থিত থাকে নকছাৰি আছুৰ উপদেষ্টা তথা জিলা ছাত্ৰ সন্থাৰ সহ সম্পাদক পঞ্চানন দুৱাৰা,নকছাৰি আঞ্চলি ক ছাত্ৰ সন্থাৰ উপদেষ্টা তথা জিলাৰ কাৰ্যালয় সম্পাদক অবিনাশ ফুকন।নকছাৰি আছুৰ ভা সভাপতি ৰিতুৰাজ গগৈ,সম্পাদক মাধুৰ্য্য গগৈ,পৃথুৰাজ দুৱাৰা,উপ সভাপতি দেৱজিৎ গগৈ,সহ সম্পাদক কৌশিক দুৱাৰা,আশীষ ভূষণ গগৈ, জয়ধ্বজ বৎস,যশোৱন্ত গগৈ, প্ৰাক্তন সভাপতি মাধুয্য গগৈ, দেৱেৰাপাৰ আৰক্ষী চকীৰ সহ আৰক্ষী বিষয়া ৰাফচান আহমেদ,আটছাৰ নকছাৰিৰ উপদেষ্টা ভাইজান ৰবীদাস উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here