Home নগাঁও নগাঁৱত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ড্ৰাগ্‌ছ মাফিয়া ৰফিকুল: ড্ৰাগ্‌ছসহ ৫ জনক গ্ৰেপ্তাৰ

নগাঁৱত পুনৰ এনকাউণ্টাৰ, গুলীবিদ্ধ ড্ৰাগ্‌ছ মাফিয়া ৰফিকুল: ড্ৰাগ্‌ছসহ ৫ জনক গ্ৰেপ্তাৰ

292
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৫ ডিচেম্বৰ ঃ নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কাটিমাৰীত আজি দুপৰীয়াৰ ভাগত আৰক্ষীৰ অভিযানকাৰী দলৰ লগত পুনৰ এনকাউKI×াৰ হয়৷ এই ঘটনাত এটা ড্ৰাগ্‌ছ সৰবৰাহকাৰী গুলীবিদ্ধ হয়৷ উল্লেখ্য যে ইয়াৰ আগতেও দুটামান এনকাউKI×াৰ সংঘটিত হৈছিল৷ আজিৰ ঘটনা সন্দৰ্ভত জানিব পৰা মতে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত নগাঁও আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ যুটীয়া অভিযানকাৰী দলে কাটিমাৰীৰ এটা ঘৰত অবৈধভাৱে চলাই থকা ড্ৰাগ্‌ছৰ ঘাটিত অভিযান চলাবলৈ যোৱা আৰক্ষীক ড্ৰাগ্‌ছ সৰবৰাহৰ লগত জড়িত এজন যুৱকে চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা চলায়৷ ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাওঁতেই কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাত ইয়াৰ প্ৰত্যুত্তৰত আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়৷ নগাঁও চহৰৰ সমীপৱৰ্তী কাটিমাৰীত সংঘটিত এই গুলীচালনাৰ ঘটনাত গুলীবিদ্ধ হোৱা ড্ৰাগ্‌ছ সৰবৰাহকাৰীটোক পাছত ৰফিকুল ইছলাম বুলি চিনাক্ত কৰা হয়৷ আৰক্ষীৰ গুলীচালনাত ভৰিত গুলী লগা ৰফিকুলক ততাতৈয়াকৈ নগাঁৱৰ শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হয়৷ ইপিনে, ঘটনাৰ খবৰ পাই নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰকে আদি কৰি জ্যেষ্ঠ আৰক্ষী বিষয়াবৰ্গ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু ঘটনা সংক্ৰান্তত অধিক তদন্তৰ বাবে আৰক্ষী অধীক্ষকগৰাকীয়ে নিৰ্দেশ দিয়ে৷ উল্লেখ্য যে কাটিমাৰীৰ ৰফিকুলৰ বাসগৃহত চলাই থকা ড্ৰাগ্‌ছৰ ঘাটিত অভিযান চলাবলৈ যোৱা আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ অভিযানকাৰী দল উপস্থিত হোৱাৰ পিছতে অতৰ্কিতে ড্ৰাগছ মাফিয়া ৰফিকুলে আৰক্ষী দলক চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা কৰে বুলি অভিযানকাৰী দলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷ তদুপৰি অভিযানকাৰী আৰক্ষীৰ দলে ৰফিকুলৰ বাসগৃহৰ পৰা বুজন পৰিমাণৰ ড্ৰাগ্‌ছ আৰু আপত্তিজনক সামগ্ৰী জব্দ কৰা বুলিও জানিবলৈ দিয়ে৷ ইপিনে, আৰক্ষীয়ে মফিজুল ইছলাম নামৰ আন এটা ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ লগতে আন চাৰি ড্ৰাগ্‌ছ আসক্ত যুৱককো ৰফিকুলে চলোৱা ড্ৰাগছৰ ঘাটিৰ পৰা আটক কৰে৷ উল্লেখ্য যে মফিজুল নগাঁৱৰ ড্ৰাগ্‌ছ সৰবৰাহকাৰীৰ মূল মাষ্টাৰমাইণ্ড৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here