Thursday , August 13 2020
শেহতীয়া খবৰ

নগাঁৱত ৬৫৯ জনলৈ বৃদ্ধি ক’ৰোনা আক্ৰান্তৰ সংখ্যা

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁওঃ নগাঁও জিলাত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। জিলাখনত যোৱা কালি ২৩ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ তথ্য স্বাস্থ্য বিভাগে প্ৰকাশ কৰিছে। এই পৰ্যন্ত নগাঁও জিলাত ৬৫৯ গৰাকী লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে। তাৰ ভিতৰত ৪৪৪ গৰাকী সুস্থ হৈ ঘৰলৈ উভতিছে। ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ পৰা  ১৬ গৰাকী, উজৰা গাঁও মডেল হস্পিতালৰ পৰা ১ গৰাকী আৰু মোৱামাৰী মডেল হস্পিতালৰ পৰা ৪ গৰাকী সুস্থ হোৱা লোকক  আজি ঘৰলৈ যাবলৈ দিয়া হৈছে। আজি তাৰিখত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ৮৭ গৰাকী, কন্দলি আদৰ্শ প্ৰাথমিক চিকিৎসালয়ত ৩৮ গৰাকী, উজৰা গা‍ঁও আদৰ্শ চিকিৎসালয়ত ২১ আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৪১ গৰাকী চিকিৎসাধীন হৈ আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *