নগাঁৱত ৰূপক শৰ্মা, চামগুৰিত ৰকিবুল হুছেইন, ৰূপহীহাটত নুৰুল হুদাৰ জয় লাভ

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২ মে’ ঃ নগাঁও জিলাৰ সাতটা বিধানসভা সমষ্টিত ভোট গণনাৰ অন্তত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে তিনিখন আসন লাভ কৰাৰ বিপৰীতে মহাজোঁটে পাঁচখন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। ইয়াৰে নগাঁও সদৰ বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰূপক শৰ্মা, কলিয়াবৰত অগপৰ কেশৱ মহন্ত, চামগুৰিত কংগ্ৰেছৰ ৰকিবুল হুছেইন, ৰূপহীহাটত কংগ্ৰেছৰ নুৰুল হুদা, ধিঙত এআইইউডিএফৰ আমিনুল ইছলাম, বটদ্ৰৱাত কংগ্ৰেছৰ শিৱামণি বৰা, ৰহাত কংগ্ৰেছৰ শশীকান্ত দাস আৰু বঢ়মপুৰত বিজেপিৰ জিতু গোস্বামীয়ে জয়লাভ কৰে। এইদৰে জিলাখনৰ মুঠ আঠটা সমষ্টিৰ ভিতৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে তিনিখন আৰু মহাজোঁটে পাঁচখন আসন লাভ কৰিবলৈ সক্ষম হয়। নগাঁও সদৰ সমষ্টিত প্ৰত্যাশিতভাৱে বিজেপিৰ ৰূপক শৰ্মা দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। ৰূপক শৰ্মাই ৮১,০৯৮টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ শান্তনু শৰ্মাই ৭০,০১৫ টা ভোট লাভ কৰে। ৰূপক শৰ্মাই ১১,০৮৩টা ভোটৰ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। চামগুৰি সমষ্টিত কংগ্ৰেছৰ ৰকিবুল হুছেইনে ৮০,০৫৪ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ অনিল শইকীয়াই ৫৪,৩১৯টা ভোট লাভ কৰে। ৰকিবুল হুছেইন ২৫,৭৩৫টা ভোটাৰ ব্যৱধানত জয়ী হয়। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন পঞ্চমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। কলিয়াবৰ বিধানসভা সমষ্টিত অগপৰ কেশৱ মহন্তই ৭২,০৪৩ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰশান্ত শইকীয়াই ৪৪,০২৬টা ভোট লাভ কৰে। কেশৱ মহন্তই ২৮,০২০টা ভোটৰ ব্যৱধানত জয়ী হৈ চতুৰ্থবাৰলৈ বিধানসভালৈ নিৰ্বাচিত হয়।

ৰূপহীহাট সমষ্টিত কংগ্ৰেছৰ নুৰুল হুদাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ নাজিৰ হুছেইনক ১,০৫,৬৯৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে। নুৰুল হুদাই ১,৩১,৩১৪টা ভোট পোৱাৰ বিপৰীতে নাজিৰ হুছেইনে ২৫,৬২০টা ভোট লাভ কৰে। নুৰুল হুদাই দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। ধিং সমষ্টিত এআইইউডিএফৰ আমিনুল ইছলামে বৃহৎ পৰিমাণত জয়লাভ কৰে। তেওঁ তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। বটদ্ৰৱা সমষ্টিত কংগ্ৰেছৰ শিৱামণি বৰাই বিজেপিৰ বৰ্তমানৰ বিধায়িকা আঙুৰলতা ডেকাক ৩২,৮১৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নিৰ্বাচিত হয়। শিৱামণি বৰাই ৮৩,৪২০টা ভোট লাভ কৰাৰ বিপৰীতে আঙুৰলতা ডেকাই ৫০,৬০৪টা ভোট লাভ কৰে। শিৱামণি বৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হয়। ৰহা সমষ্টিত কংগ্ৰেছৰ শশীকান্ত দাসে ৮৯,৫১১টা ভোট লাভ কৰাৰ বিপৰীতে অগপৰ বিষু্ণ দাসে ৭৬,৪৫৩টা ভোট লাভ কৰে। ফলত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে ১৩,০৫৮টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়। তেওঁ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত হয়। বঢ়মপুৰত বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীয়ে জয়লাভ কৰে বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *