Friday , September 25 2020
শেহতীয়া খবৰ

নলবাৰীত ধৰা পৰিল উত্তৰ প্ৰদেশৰ ১৯ বছৰীয়া যুৱকৰ কভিদ -১৯ পজেটিভ

প্ৰশাসনে ছীল কৰিলে মোল্লাপাৰা

দৈনিক গণঅধিকাৰঃ নলবাৰী চহৰৰ মোল্লাপাৰাত আশ্ৰয় গ্ৰহণ কৰা উত্তৰ প্ৰদেশৰ ১৯ বছৰীয়া যুৱক এজনৰ শৰীৰত কভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাৰ পাছতে সমগ্ৰ জিলাখনত এই সংক্ৰমন প্ৰসাৰিত হোৱাৰ আশংকাত সৰ্বস্তৰৰ জনসাধাৰণ ত্ৰাসিত হৈ পৰিছে। উল্লেখ্য যে কভিড-১৯ ধৰা পৰা  সুদুৰ উত্তৰ প্ৰদেশৰ যুৱক জনৰ নাম আৰ্চাদ আলী। ইতিমধ্যে যুৱক জনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কোঠাত ৰাখি চিকিৎসা প্ৰদান কৰি থকা হৈছে।মন কৰিব লগা যে উত্তৰ প্ৰদেশৰ যুৱক আৰ্চাদসহ এঘাৰ জনীয়া দল এটাই নতুন দিল্লীৰ নিজামুদ্দিন মাৰ্কাজত তগলীব জামাতত অংশগ্ৰহণ কৰি ৰেলেৰে আহি যোৱা ২১ মাৰ্চত নলবাৰীত উপস্থিত হৈছিল।ৰেলৰ পৰা নামি দলটোৱে নলবাৰী চহৰৰ  পল্লা ৰোডৰ উত্তৰ দিশে থকা মোল্লাপাৰাৰ মুজাফিৰখানাত আশ্ৰয় লৈছিল। উল্লেখ্য যে ধৰ্মীয় আলোচনা কৰাৰ উদ্দেশ্যে উপস্থিত হোৱা দলটোৰ তথ্য লাভ কৰাৰ পিছতে জিলা প্ৰশাসনৰ তত্বাৱধানত স্বাস্থ্য বিভাগে এঘাৰজনীয়া দলটোক শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ আইচুলেশ্যান কোঠাত ৰখাৰ উপৰি যাৱতীয় পৰীক্ষাৰ ব্যাৱস্থা কৰে।আজি পৰীক্ষাৰ ফলাফলত আৰ্চাদ নামৰ যুৱক জনৰ শৰীৰত কৰোণা ভাইৰাছ ধৰা পৰে। লক্ষ্যনীয় যে যুৱক জনৰ শৰীৰত কভিদ-১৯ পজিটিভ পোৱাৰ খবৰ ওলোৱাৰ লগে লগে চিকিৎসালয়খনৰ লগতে সমগ্ৰ জিলাখনতে ত্ৰাসৰ সৃষ্টি হয়।জানিব পৰা মতে নতুন দিল্লীৰ পৰা দলটোৱে ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ ৰেলখনৰে যাত্ৰা কৰি নলবাৰীত যোৱা ২১ মাৰ্চত চহৰৰ মোল্লাপাৰাত উপস্থিত হৈছিল। সেইদিনাৰ পৰা  দলটোৱে মুচাফিৰখানাত জিৰনী আশ্ৰয় লৈ আছিল।জনা মতে দলটোৱে জনতা কাৰ্ফিউ আৰু সমগ্ৰ দেশ জুৰি জাৰি কৰা লকডাউনৰ বাবে সেইস্থানতে আৱদ্ধ হৈ থাকিব লগা হৈছিল। জিলা প্ৰশাসনে কালি বিয়লি দলটোৰ খবৰ লাভ কৰি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় আৰু পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰে। উল্লেখনীয় যে দিল্লীৰ পৰা এঘাৰজনীয়া দলটো একেলগে যাত্ৰা কৰাৰ উপৰি নলবাৰী চহৰৰ মোল্লাপাৰাত আশ্ৰয় গ্ৰহন কৰি কিমান মানুহৰ সৈতে সম্পৰ্ক কৰিলে সম্প্ৰতি সেইটোহে সন্দেহৰ বিষয় হৈ পৰিছে।ইতিমধ্যে জিলা প্ৰশাসনে বিয়লিৰ ভাগত সমগ্ৰ মোল্লাপাৰা অঞ্চলটো ছিল কৰি দিছে। অসম কভিদ-১৯,২০২০ আইনৰ অধীনত অঞ্চচলটোত বসবাস কৰা কোনো লোক বাহিৰলৈ অথবা ইয়াৰ বাহিৰৰ কোনো লোকে অঞ্চলটোলৈ যাতায়ত কৰিব নোৱাৰিব। উল্লেখ্য যে এই দলটোৰ উপৰি দিল্লীৰ পৰা অহা জিলাখনৰ বিভিন্ন প্ৰান্তৰ দহজন লোককো অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।এই লোকসকলৰ যাৱতীয় পৰীক্ষাৰ নমুনা পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে বৰ্তমানে কোনো তথ্য লাভ কৰা নাই।

Leave a Reply

Your email address will not be published. Required fields are marked *