Wednesday , September 23 2020
শেহতীয়া খবৰ

নলবাৰীত পুনৰ তিনি গৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ

নলবাৰীঃ ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে নলবাৰী জিলাতো দিনক দিনে বৃদ্ধি পাইছে কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা। জিলাখনত পুনৰ তিনিগৰাকী ব্যক্তিৰ শৰীৰত ক’ভিড-১৯ পজিটিভ ধৰা পৰিছে। এনেদৰে ক’ভিড-১৯ আক্ৰান্ত ব্যক্তিৰ সংখ্যা বৃদ্ধি পাই অহাত জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, বৃহস্পতিবাৰে জিলাখনৰ ক’ভিড-১৯ পজিটিভ ধৰা পৰা ব্যক্তি তিনিগৰাকী হৈছে— নলবাৰীৰ মাজদিয়াৰ ৰাজপ্ৰতীম তামুলী (২৩),
বৰ্ণিবাৰীৰ জেচমিন চুলতানা ( ২৪) আৰু মুকালমুৱাৰ কান্ধমাৰীৰ শনিদুল আলী  (২০)।
জনা মতে, ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰা ৰাজপ্ৰতীম তামুলী আৰু জেচমিন চুলতানা নামৰ শিক্ষাৰ্থী দুগৰাকী নলবাৰীৰ আই পি লজৰ কোৱাৰেন্টীন কেন্দ্ৰত আছিল ৷ আনহাতে, শনিদুল আলী নামৰ শ্ৰমিকজন লোহাৰকাঠাৰ আলিয়া মাদ্ৰাছা কোৱাৰেণ্টীন কেন্দ্ৰত আছিল। জনা মতে, ২৫ মে’ত ৰে’ল যোগে কানপুৰৰ পৰা আহিছিল বি ডি এছৰ ছাত্ৰ ৰাজপ্ৰতীম তামুলী। ইপিনে, উক্ত দিনাই হায়দৰাবাদৰ পৰা ৰে’লযোগে আহিছিল বি ফাৰ্মৰ ছাত্ৰী জেচমিন চুলতানা।
আনহাতে, ২৬ মে’ত চেন্নাইৰ পৰা আহিছিল শনিদুল আলী নামৰ শ্ৰমিকজন। পিছত জিলা প্ৰশাসনে তেওঁলোকৰ স্বোৱাব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰু সেই মৰ্মে কালি ব্যক্তি তিনিগৰাকীৰ ফলাফল পজিটিভ আহে। ফলত তিনিওজনকে কালি নিশাৰ ভাগতেই কোৱাৰেণ্টীন কেন্দ্ৰৰ পৰা নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ আইশ্ব’লেচন কক্ষলৈ স্থানান্তৰ কৰা হয়। উল্লেখ্য, নলবাৰী জিলাৰ পৰা স্বোৱাব পৰীক্ষাৰ বাবে নমুনা প্ৰেৰণ কৰাৰ পিছত এইপৰ্যন্ত ২২ গৰাকী ব্যক্তিৰ দেহত ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰিছে।ক’ভিড-১৯ ত আক্ৰান্ত এই ২২ গৰাকী ব্যক্তিৰ ভিতৰত গুৱাহাটী আৰু বৰপেটাত ৭ গৰাকী ব্যক্তিক আছুতীয়া কক্ষত ৰখাৰ বিপৰীতে ১৫ গৰাকী আক্ৰান্তক নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ আছুতীয়া কক্ষত ৰখাৰ ব্যৱস্থা কৰা হৈছে। এনেদৰে নলবাৰীত ক্ৰমশঃ ক’ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পাই অহাত ৰাইজ কিছু পৰিমাণে শংকিত হৈ পৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *