Friday , September 25 2020
শেহতীয়া খবৰ

নলবাৰী জিলাৰ প্ৰথম গৰাকী মহিলা উপায়ুক্ত পূৰবী কোঁৱৰৰ যোগদান অসামৰিক চিকিৎসালয় পৰিদৰ্শন 

এম মহিবৰ ৰহমান, নলবাৰী, ৬ জুলাই ঃ নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে এ চি এছ বিষয়া পূৰবী কোঁৱৰে। অসম চৰকাৰে ২৯ জুনত এক নিৰ্দেশযোগে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কোঁৱৰক নলবাৰী জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰাত তেওঁ আজি জিলাখনৰ  পূৰ্বৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ হাতৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে। ১৯৯২ চনত ৰঙিয়াৰ ভাৰপ্ৰাপ্ত ৰাজহ চক্ৰ বিষয়া হিচাপে চাকৰিজীৱন আৰম্ভ কৰা কোঁৱৰে ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পৰা পদোন্নতি লাভ কৰি উপায়ুক্ত হিচাপে যোগদান কৰে নলবাৰীত। বিদায়ী উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ হাতৰ পৰা আজি আনুষ্ঠানিকভাৱে কাৰ্যভাৰ চমজি লয় পূৰবী কোঁৱৰে । উল্লেখ্য, আজি যোগদান কৰা পূৰবী কোঁৱৰ হৈছে নলবাৰী জিলাৰ প্ৰথমগৰাকী মহিলা উপায়ুক্ত।

ইপিনে উপায়ুক্ত হিচাপে যোগদান কৰিয়েই তেওঁ বিয়লিৰ ভাগত জিলাখনৰ সাংবাদিকসকলৰ সৈতে চা-চিনাকি হোৱাৰ লগতে মত বিনিময় কৰে। উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ পৰা আৰম্ভ কৰি জিলাখনৰ অধিকাংশ চৰকাৰী কাৰ্যালয়তে মুৰব্বী বিষয়া মহিলা হোৱা প্ৰসংগত কিবা অসুবিধাৰ সন্মুখীন হ’ব পাৰে নেকি বুলি জানিব বিচৰাত নৱনিযুক্ত উপায়ুক্তগৰাকীয়ে কয় যে কৰ্মৰ ক্ষেত্ৰত পুৰুষ আৰু মহিলাৰ কোনো পাৰ্থক্য নাই। উল্লেখ্য, জিলাখনৰ পূৰ্বৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীক ইতিমধ্যে অসম চৰকাৰৰ সাধাৰণ প্ৰশাসনীয় বিভাগৰ সচিব পদলৈ পদোন্নতি কৰা হৈছে। ইপিনে যোগদান কৰিয়ে আজি সন্ধিয়া নৱনিযুক্ত উপায়ুক্ত পূৰবী কোঁৱৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ চাফ-চিকুণতা আৰু ক’ভিড-১৯ ৱাৰ্ড পৰিদৰ্শন কৰে। উল্লেখ্য যে আজি অসামৰিক চিকিৎসালয়ত ৬৪গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী আৰু আজি বেলশৰত থকা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ৫গৰাকী ক’ভিড-১৯ ৰোগীৰে ক’ভিড-১৯ৰ চিকিৎসা আৰম্ভ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *