Thursday , August 13 2020
শেহতীয়া খবৰ

নাই আনুষ্ঠানিক শিক্ষা : উৰিয়ামঘাটৰ যুৱকে সাজি উলিয়ালে তিনি চকীয়া বাহন

গণ বাৰ্তা, সৰুপথাৰ ,২ আগষ্ট : গোলাঘাট জিলাৰ অসম নগালেণ্ড সীমান্তৰ এখন গাঁওৰ এজন যুৱক, নাম ঋষি বসুমতাৰী ৷ সমগ্ৰ দেশত লকডাউন আৰম্ভ হোৱাৰ পৰা যুৱকজনে নিৰ্মাণ কৰিবলৈ লয় এখন বাহন | আনুষ্ঠানিক শিক্ষাৰ অবিহনে যুৱকজনে সাজি উলিয়াইছে তিনি চকীয়া বাহনখন ৷ ধনশিৰি মহকুমাৰ উৰিয়ামঘাটৰ ৰূপহী গাঁওৰ যুৱকজনে নিজ কৰ্মলৈ যাবলৈ বাহনৰ অভাৱ হোৱাত লকডাউন আৰম্ভ হোৱাৰ পৰাই ঋষিয়ে মনলৈ অহা চিন্তাৰে অব্যৱহৃত হৈ থকা মটৰ চাইকেলৰ ইঞ্জিন ব্যৱহাৰ কৰি সাজি উলিয়ালে বাহনখন ৷ তদুপৰি,ৱেল্ডিং মেচিন এটা অনলাইনত অৰ্ডাৰ দি পৰি থকা বস্তু বাহিনী গোটাই যাত্ৰী উঠিব পৰা কৰে | চাৰি,পাঁচজন যাত্ৰী যাব পৰা বাহন খনৰ সম্পূৰ্ণ কৰিবলৈ এতিয়াও বাকী আছে | তথাপিও দুজন লোক ঘুৰি ফুৰিব পাৰে বাহন খনত | অন্য বাহনৰ দৰে এইখন বাহনতো আছে গিয়েৰ, ক্লাছ, এক্সেলেটৰ, ব্ৰেক ৷ পিচে বৰ্তমানলৈকে চেল্ফ ষ্টাৰ্ট আৰু বেক্ গিয়েৰৰ ব্যৱস্থা কৰিব পৰা নাই ঋষিয়ে ৷ ইফালে,ঋষিয়ে নিৰ্মাণ কৰি উলিওৱা বাহনখনৰ সফল পৰীক্ষণো হৈছে ৷ প্ৰায় ৪০ কি.মি স্পীডত যাব পাৰে গাড়ীখন ৷ আনহাতে, ঋষিৰ এই সাফল্যত আনন্দিত গাঁওবাসী তথা ওচৰ চুবুৰীয়া ৷ সেয়েহে উৎসুক জনতাই জুম বান্ধি চাইছে বাহনখন ৷কোনোৱে আকৌ এপাক উঠিও চালে |

Leave a Reply

Your email address will not be published. Required fields are marked *