শেহতীয়া খবৰ

নাগালেণ্ডৰ পৰা খোজ কাঢ়ি বকলীয়াঘাট পালেহি দুই শ্ৰমিক

দৈনিক গণঅধিকাৰঃ কৰ’না ভাইৰাছে দেশজুৰি আতংকময় পৰিবেশ সৃষ্টি কৰাৰ সময়তে আজি দুজন শ্ৰমিক সূদূৰ নাগালেণ্ডৰ পৰা খোজ কাঢ়ি আহি বকলিয়াঘাটত উপস্থিত হোৱা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আজি দুপৰীয়াৰ ভাগত শ্ৰমিক দুজন বকলিয়াঘাটৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ তেওঁলোক দুয়ো নাগালেণ্ডৰ ঘাছপানীত কৰ্মৰত আছিল বুলি কয় ৷

এচি ই শীৰ্ষক এটা কোম্পানীৰ এক্সকেভেটৰৰ চালত হিচাপে কৰ্মৰত চালক দুজনে জানিব দিয়া অনুসৰি কালি পুৱতি নিশা চাৰি বজাত  নিজ কৰ্মস্থলীৰ পৰা কাৰবি আংলং নিজ ঘৰ অভিমুখে খোজ কাঢ়ি আহিবলৈ আৰম্ভ কৰে ৷ প্ৰায় ৩০ ঘণ্টাতকৈ অধিক সময় দুয়োগৰাকী শ্ৰমিকে সুদূৰ নাগালেণ্ডৰ পৰা খোজকাঢ়ি আহি আজি দুপৰীয়া বকলীয়াঘাট অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৷ দুয়োগৰাকী শ্ৰমিকে শাৰিৰীক অসুস্থতা অনুভৱ কৰি দুয়ো কৰ’নাত আক্ৰান্ত হোৱা বুলি আশংকা কৰি চিকিৎসালয়ত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ৷

আজি বকলিয়াঘাটত এনেদৰে উপস্থিত হোৱা শ্ৰমিকদ্বয়ে কেতবোৰ বিষ্ফোৰক তথ্য প্ৰকাশ কৰে ৷ শ্ৰমিক দুজনৰ ভাষ্য অনুসৰি নাগালেণ্ডত এইদৰে আন কেইবাশ যুৱক আৱদ্ধ হৈ আছে  বুলি কয় ৷ নিজৰ কামৰ দৰমহা বাকী থকা এই সকল দৰমহা অনাদায় কৰা  শ্ৰমিকক ভয়- ভাবুকিৰে মালিক পক্ষই কামত খটুৱাই আছে বুলি অভিযোগ কৰে ৷ বকলীয়াঘাট অসামৰিক চিকিৎসালয়ত দুয়োকে প্ৰাথমিক স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত শ্ৰমিক দুজনক নিজ ঘৰতে ১৪ দিনৰ  বাবে কোৱাৰেণ্টাইন হৈ থকাৰ পৰামৰ্শ দিয়ে ৷

Check Also

মৰিয়নী গাভৰু গণ হত্যাকাণ্ডৰ সৈতে জড়িত ১২ জনক গ্ৰেপ্তাৰ

দৈনিক গণঅধিকাৰ, যোৰহাটঃ মৰিয়নীৰ গাভৰু চাহ বাগিচাত গণ হত্যাৰ বলি হোৱা দেৱাশিষ গগৈ হত্যাৰ লগত জড়িত …

Leave a Reply

Your email address will not be published. Required fields are marked *